(৭)
পার্টিয়ে ৰাইজক বুজাবলৈ চেষ্টা কৰি আহিছে যে ৰাইজৰ
বিভিন্ন সমস্যাবোৰ সমাধান কৰিবলৈ হ’লে অ'ত-ত'ত
থাপমৰা বিধৰ নীতিৰে নহব । ডুখৰীয়া সমাধানে একো
কৰিব নোৱাৰে। এইটো কথা মনত ৰাখিব লাগিব যে
ৰাইজৰ ঘাই অভাব-সমূহ গুছাবলৈকে সমাজৰ আৰ্থিক
আৰু সামাজিক গাঁথনিৰ পৰিবৰ্ত্তন আৱশ্যক । ৰাইজক
এইখিনিতে আমি সোঁৱৰাই দিব খোজোঁ যে সমাজ-বিপ্লবৰ
চোকা ঔষধ, দিয়া নহয় মানে সমাজৰ পৰা অভাৱ-
অনাটনৰ ব্যাধি আঁতৰোৱা সম্ভব নহয় ৷ যেতিয়ালৈকে
‘মৰাক মাৰি খোৱা' নীতিৰ ওপৰত প্ৰতিস্থিত বর্ত্তমান
সমাজ-ব্যৱস্থা থাকে, যেতিয়ালৈকে সমাজৰ তাকৰীয়া এক
শ্ৰেণীয়ে সকলো সুখ-সুবিধা পায় আৰু সৰহ সংখ্যক জন
সকলো সুখু-সুবিধাৰ পৰা বঞ্চিত হৈ থাকে, তেতিয়ালৈকে
দেশৰ দাৰিদ্ৰও নুগুছে, জাতিয় উৎপাদিকা শক্তিৰো পূৰ্ণ-
ব্যৱহাৰ হ'ব নোৱাৰে আৰু জাতীয় উত্থানৰ বাবে লাগতিয়াল
জাগৰণো আহিব নোৱাৰে ।
এই কথাখিনিলৈকে লক্ষ্য ৰাখি আমি দেশৰ সমস্যা সমাধানৰ অর্থে তলত দিয়া প্ৰস্তাৱবোৰ ডাঙি ধৰিছোঁ ।
খাদ্য-সমস্যা আৰু ভূমি-সংস্কাৰ
খাদ্যৰ-সমস্যাই আজিৰ আটাইতকৈ গুৰুতৰ সমস্যা এই সমস্যা সমাধানৰ লগত ওতঃপ্রোতভাৱ জড়িত আছে ।