(৯)
জলসিঞ্চন আঁচনিত খৰছ হৈছে পঞ্চাশ কোটী। এপিনে লাখ লাখ বিঘা পতিত মাটি পৰি থকাতো সেইবোৰক খেতিৰ উপযোগী কৰি তুলিবৰ দিহা কৰা হোৱা নাই, আনপিনে ঘৰৰ ওপৰত বাল্টিংত মাটি ভৰাই সৰহ শস্য উৎপাদন কৰিবলৈ আহ্বান জনোৱা হৈছে। বৃহৎ বৃহৎ নদী-নিয়ন্ত্ৰনৰ আঁচনি লোৱা হৈছে, অথচ দেশৰনো আচল দৰকাৰ কি, শক্তি কিমান, ভৱিষ্যতে কি লাগিব এইবোৰৰ কোনো বিবেচনা হোৱা নাই । কৃষিক্ষেত্ৰত যিবিলাক সংস্কাৰ অৰু পৰিবৰ্ত্তন আনিব লাগিছিল সেইবোৰ এৰা-ধৰা কৰি এৰি দিয়া হ’ল। যন্ত্রপাতি যোগানৰ বিষয়ত একো কৰাই নহ’ল, ইবোৰ আলোচনাতে থাকিল । বস্তুৰ মূল্য নিৰূপণ আৰু নিয়ন্ত্ৰনৰ ক্ষেত্ৰত আদিৰে পৰা অন্তলৈকে কেউপিনে বেমে- জালিৰে ভৰা অনিশ্চয়তা। বস্তু সংগ্ৰহ আৰু বিতৰণ ক্ষেত্ৰত ছৰকাৰে কেৱল নিজৰ অকৰ্ম্মন্যতাকে প্ৰমাণ কৰিছে।
এই সমস্যাবোৰৰ সমাধানৰ অর্থে ছ'চিয়েলিষ্ট পার্টিয়ে কেউফালৰ পৰা কামত ধৰিব – যিবোৰ হৈছে শিল্পবিজ্ঞান, প্রশাসন আৰু কৃষিক্ষেত্ৰৰ পুনঠগন ।
ভূমিসেৱক আৰু অন্নসেনা
খাদ্যসমস্যা সমাধান কৰিবলৈ হ'লে আমাৰ দেশৰ প্রতিবিঘা মাটিৰ উৎপাদনশক্তি বঢ়াব লাগিব। লগতে সকলোবোৰ পতিত মাটি খেতিত লগাব লাগিব। এই দুটা কামৰ