পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬)


ভালকৈ কাম কৰিব পৰা নাই। কথা হৈছে এনেকুৱা জৰুৰী অৱস্থা অকল ভাৰততে যে দেখা দিছে এনে নহয়, সকলো দেশতে এনে সমস্যাই দেখা দিচ্ছে। কিন্তু অইন অইন দেশৰ ছৰকাৰে সমস্যাবোৰৰ উচিত সমাধান কৰিছে । কংগ্ৰেছ ছৰকাৰে অৱশ্যে পৰা নাই । কংগ্ৰেছ ছৰকাৰৰ অকৃতকাৰ্য্যতা নিজৰ দূৰ্ব্বলতা আৰু অকৰ্ম্মণ্যতাৰ পৰা উদ্ভৱ হোৱা অৱস্থাৰ দোষত নহয়৷

এইখিনিতে প্রশ্ন হ'ব পাৰে—এনে দুৰ্দ্দিন আৰু দুর্ভিক্ষ সময়ত ছ'চিয়েলিষ্ট পার্টিয়ে জানে! কুকাৰ্য্যতাৰে শাসন চলাব । আৰু সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন ? আমি কওঁ, নিশ্চয় পাৰিলোহেতেন ।

এইখিনিতে অতীতত কি হ'ল তাৰ কথা বাদ দি ভৱিষ্যতে কি কৰা হব । সেই কথালৈ অহা যাওক ।

সমাজ-গাঁথনিৰ পৰিবৰ্ত্তন

ছ'চিয়েলিষ্ট' পাৰ্টিয়ে বিশ্বাস কৰে যোৱা চাৰিবছৰে হোৱা দেশৰ অৱনতিৰ সোঁত ৰোধ কৰিব পৰা হ'ব, প্রগতি আৰু সমৃদ্ধিৰ বাটত আগবাঢ়িৰ পৰা হ'ব আৰু লগতে বৰ্ত্তমানৰ অন্ন-বস্ত্ৰ-ঘৰৰ সমস্যা সমাধানো কৰিব পৰা হ’ব । আৰু স্বাধীন, সুখী আৰু সমতাৰ সমাজ এখন ভাৰতত স্থাপন কৰিব পৰা হ'ব। কিন্তু ইয়াকে কৰিবৰ কাৰণে লাগিব দূৰদৃষ্টি, সাহস আৰু দৃঢ়প্রতিজ্ঞা। ছ'চিয়েলিষ্ট