পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫)

কৰি, এবাৰ কণ্ট্ৰোল উঠাই দি, আকৌ পুনৰ একেটাকে কৰা খেলিমেলি নীতি ক্ৰমান্বয়ে দুখীয়াৰ মূৰৰ ওপৰত টেক্সৰ বোজা বঢ়াই দিয়া, বনুৱা আৰু কৰ্ম্মচাৰীসকলৰ ওপৰত মালিক শ্ৰেণীয়ে শোষণ কৰিবলৈ সুবিধা দিয়া, এইবোৰেই হৈছে কংগ্ৰেছ ছৰকাৰে কৰা কাম। এনেবোৰেই কংগ্ৰেছৰ দুৰ্ব্বলতা ক’ত দেখুৱাই দিয়ে। সমাজৰ আৰ্থিক আৰু সামাজিক গাঁথনিৰ ভেটি পৰিবৰ্ত্তন কৰিবলৈ যি সাহসৰ প্ৰয়োজন সেই সাহস কংগ্ৰেছৰ নাই। গতিকেই উৱঁলি যোৱা সমাজখনকে জোৰা-তাপলি মাৰি কোনোৰকমে ৰাখি থোৱাৰ চেষ্টা চলিছে। পৰিবৰ্ত্তনলৈ ভয় আৰু এৰাধৰা মনোভাব — এই দুয়োটাৰ হেতুকে কংগ্ৰেছৰ অলপ অচৰপ যি সংস্কাৰকামী আগ্ৰহ আছিল সিও লোপ পালে। চাৰি বছৰ শাসনৰ গাদীত বহাৰ পিছত কংগ্ৰেছ সম্পূৰ্ণৰূপে আজি এক গোড়া ৰক্ষণশীল দলত পৰিণত হৈছে।

কংগ্ৰেছৰ দোষ ঢাকিবলৈ যোৱাসকলে কংগ্ৰেছ আমোলত যিবিলাক কামত চৰকাৰে কামত চৰকাৰে কৃতকাৰ্য্য হৈছে তালৈ সদায় আঙ্গুলিয়াই দেখুৱায়, কিন্তু যিবিলাক কামতে কংগ্ৰেছ ছৰকাৰ সম্পূৰ্ণৰূপে অকৃতকাৰ্য্য হৈছে, সেইবিলাকৰ বাবে এইসকলে দেশৰ ভিতৰ-বাহিৰ বিপদসংঙ্কুল অৱস্থাৰ গাত দায় দিব খোজে সেইসকলে ক’ব খোজে, যুদ্ধৰ পাছত উদ্ভৱ হোৱা জঞ্জাল, দেশ-বিভাজনৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতি, জগতগুৰি বিয়পি একা অশান্তিকৰ অৱস্থা আদিৰ বাবেই কংগ্ৰেছ ছৰকাৰে