পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৭)

কৃষিশিল্পৰ আৰ্থিক ক্ষেত্ৰত প্ৰসাৰতাৰ বাবে কায়িকৰী বিদ্যাৰ ওপৰত ঘাই গুৰুত্ব আৰোপ কৰা হ'ব। প্ৰতিৰক্ষা আৰু প্রাদেশিক সেনাবাহিনী, স্থানীয় সেনাবাহিনী আৰু খাদ্য- সেনা বাহিনীবোৰ সাধাৰণ আৰু সামাজিক শিক্ষাৰ কেন্দ্ৰ স্বৰূপ হ’ব ।

বৃত্তি জলপানী আদিৰ ব্যৱস্থা কৰি ৰাষ্ট্ৰই আৰু আন আন (ওপৰত কোৱা) অনুস্থান সমূহে সকলো যোগ্য ছাত্র-ছাত্রীক নিজৰ নিজৰ ৰুচিমতে শিক্ষা পোৱাৰ সুবিধা কৰি দিব। ৰাইজৰ সমবায় ভিত্তিত ৰাইজৰ সহযোগৰ দ্বাৰা জনস্বাস্থ্যৰ উন্নতিৰ ব্যৱস্থা কৰা হ'ব। চলন্ত ডাক্তৰখানাৰ যোগে গাওঁৰ একেবাৰে আওহতীয়া ঠাইলৈকো ডাক্তৰী সাহায্য যাব৷ প্ৰশংসনীয় ব্যৱস্থাৰ আৰু গাৱঁলীয়া অৰ্থনীতিৰ পৰিকল্পনাই আমাৰ ঐতিহ্যপূৰ্ণ অথচ আওহেলাত পৰি উৱঁলি যোৱা গাওঁবোৰক সজীব কৰি তুলিব আৰু জনস্বাস্থ্যৰ উন্নতি সহায় কৰিব ৷ বনুৱাশ্ৰেণীৰ সকলোৱে যাতে জনস্বাস্থ্য ব্যৱস্থাৰ সুযোগ পাব পাৰে তাৰ বাবে এখন জাতীয় স্বাস্থ্য আঁচনি কাৰ্য্যকৰী কৰা হব।

শিল্প বাণিজ্যৰ কৰ্পৰেশ্যনবোৰে সামাজিক নিৰাপত্তাৰ ব্যৱস্থা কৰিব । চৰকাৰী কৰ্ম্মচাৰী আৰু শিল্প বনুৱা সকলৰ বাৰে বৰঙনি প্ৰথা আৰু আন প্ৰথাৰ সামাজিক নিৰাপত্তাৰ ব্যৱস্থা থাকিব। ৰাষ্ট্ৰৰ সাহাৰ্য্য আৰু পৰামৰ্শত সমবায় সমিতি আৰু গাওঁপঞ্চায়ত বিলাকে ক্রমান্নয়ে সুচাৰুৰূপে লাখ লাখ মানুহৰ বাবে সামাজিক নিৰপত্তাৰ বিস্তৃত ব্যৱস্থা তৈয়াৰ কৰিব।