পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৬)

গ্ৰহণ কৰিবলৈ পোৱা সুবিধাৰ পৰা বঞ্চিত হৈছে । ভৌগলিক অৱস্থান আৰু আৰ্থিক স্বচ্ছলতাৰ প্ৰতি লক্ষ্য কৰি ৰাজ্যবোৰৰ সীমা ভাষাৰ ভিত্তিত পুনর্গঠন কৰাটোৱেই হ'ল ছ'চিয়েলিষ্ট পাৰ্টিৰ মত । সীমা আয়োগে নতুন সীমা নিৰ্দ্ধাৰণ কৰিবলৈ নতুনকৈ হোৱা সকলো ৰাজ্যই সমান স্থান পাব ৷

 আইন সভাৰে বা অইন ক্ষেত্ৰত ৰাইজ প্রতিনিধিয়ে ৰাইজৰ মনোমত বা স্বাৰ্থৰ অনুকূলে কাৰ্য্য নকৰিলে সেই প্রতিনিধিত্বৰ দায়িত্বৰ পৰা নমাই জানিবলৈ ভোটদাতা সকলৰ অধিকাৰ থাকিব৷ ছ'চিয়েলিষ্ট পার্টয়ে ভোটদাতা সকলৰ এই অধিকাৰ (Right of Recall ) সংবিধানত সংযোগ কৰিব।

সামাজিক নিৰাপত্তা

সংবিধানত যিবিলাক নিৰ্দ্দেশাৱলী সংযুক্ত কৰা হৈছে সেইবোৰ একেবাৰেই অসম্পূর্ণ । সেইবোৰত খোলাটো আছে, আচল সাৰভাগ নাই ।

শিক্ষা, স্বাস্থ্য, আৰু সামাজিক নিরাপত্তা এই কেউটা বিষয়ে প্রগতিমূলক ধাৰণা হ'ব লাগিব ।

সাক্ষৰতা আৰু সামাজিক-শিক্ষা সকলোৱে পাব । প্ৰাইমেৰী শিক্ষা সকলোৱে বিনা মাচুলে পাব । গাওঁ পঞ্চায়ত, স্থানীয় নিকায়সমূহ, সমবায় সমিতি, বেপাৰবাণিজ্য-ক্ষেত্ৰৰ বিভিন্ন স্বায়ত্বশাসিত অন্তস্থান, ট্রেড ইউনিয়ন, শিক্ষক অনুস্থান আদিবিলাকৰ যোগে প্রতিভা বিকাশৰ সম্পূর্ণ সুযোগ হ'ব ।