পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৮)

এইটো সচাঁকথা দেশৰ ৰাইজৰ মূৰৰ ওপৰত থকা আটাই- বোৰ বোজা একে উশাহতে ডাঙিব পৰা নহব। কিন্তু বৰ্ত্তমানত থকা প্রত্যেক মানুহৰ অকলশৰীয়া অৱস্থা আৰু নানান চিন্তা আৰু তাৰ লগতে প্রত্যেকৰ প্ৰতি কৰা আওঁকান অৱহেলাৰ অৱস্থানটো ছ'চিয়েলিষ্ট ভাৰতত নাথা- কিব। প্রথমেই তেনে অৱস্থাৰ অন্ত কৰিহে কামত আগবঢ়া হ'ব ।

সমাজক নতুনকৈ গঢ় দিবলৈ কৰা প্ৰচেষ্টা, পুৰনি অন্যায়ৰ নিষেধ গুচোৱা আৰু সমূহিক ভাবৰ জাগৰণৰ পিচত আমাৰ সমাজে নতুন জীৱন পাৰ, জীৱনৰ অৰ্থও সলনি হ’ব।

প্রশাসনীয় সংস্কাৰ

ৰাষ্ট্ৰৰ নতুন ৰূপ দিবলৈ প্ৰশাসনীয় ব্যৱস্থাৰ ৰূপো বদলাব লাগিব। বৰ্ত্তমান চলিত প্রশাসনত অফিচাৰৰ শাসন, ৰঙা ফিটাৰ মেৰ, আৰু ৰাইজৰ প্ৰতি আওকাণ এই সকলোবোৰ আগৰ বৃটিছ শাসনৰ দিনৰ দৰেই আছে। এই বোৰৰ লগতে আছে কংগ্ৰেহ চৰকাৰৰ অকৰ্ম্মণ্যতা আৰু দুর্নীতি। ওপৰত উল্লেখ কৰা অৰ্থনৈতিক সংস্কাৰ বিলাক সাধন কৰাৰ পিচত সামাজিক বৈষম্য দূৰ কৰিব, সমাজ-পৰিবৰ্ত্তনৰ গতি প্ৰখৰ হব ৷ ৰাজনৈতিক আঢ় অর্থনৈতিক ক্ষমতাৰ বিকেন্দ্রী- বৰণ কৰিব ৷ লগে লগে নতুন অৱস্থাত গাওঁ পঞ্চায়ত ৰাষ্ট্ৰীয়কৰণ কৰা শিল্প আৰু বানিজ্যক্ষেত্ৰৰ কৰ্পৰেশ্যন, সমবায়