পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সংবিধানৰ পৰিবৰ্ত্তন

ভাৰতৰ বৰ্ত্তমান সংবিধানৰ ভিত্তিত অৰ্থনৈতিক সমতা আৰু সামাজিক বিবৰ্ত্তনৰ আঁচনি কাৰ্য্যকৰী কৰি তুলিব নোৱাৰি৷ মৌলিক সংস্কাৰৰ পথত বাধাস্বৰূপ হোৱাৰ উপৰিও গুৰুত্বপূৰ্ণ বিষয়ত এই সংবিধানে জনতাৰ আশা-আকাঙ্ক্ষা প্ৰতিফলিত কৰা নাই। আনহে নালাগে এই সংবিধানে ভাৰতীয় জাতীয় আশা আকাঙ্ক্ষাকে পুৰণ কৰিব পৰা নাই। যি কমন্‌ৱেলখত বৰ্ণবৈষম্য পুৰামাত্ৰাই চলি আহিছে আৰু যত এচিয়াৰ জনসাধাৰণৰ বাবে সমান অধিকাৰ নাই সেই কমন্‌ৱেলথৰ সভ্য হিচাণে ভাৰত এতিয়াও আছে এই কমন্‌ৱেলথৰ পৰা ভাৰত ওলাই আহিব লাগিব। ছ'চিয়েলিষ্ট পাৰ্টিয়ে সেইবাবে চেষ্টা কৰিব। ভাৰতক কমনৱেলথৰ পৰা উলিয়াই ননালৈকে আমাৰ স্বৰাজ সম্পুৰ্ণ নহয়।

বৰ্ত্তমান সংবিধানত জনসাধাৰণৰ সামাজিক উৎসাহ-উদ্দীপনা বিলাক কঠোৰ ভাৱে নোহাৰি পেলোৱাৰ ব্যৱস্থা কৰা হৈছে। বৰ্ত্তমানৰ সম্পত্তিৰ নিৰাপত্তা ব্যৱস্থাৰ লগতে অসাম্য ব্যৱস্থাও বাহাল ৰখা হৈছে আৰু এনে কৰাৰ পৰা সাম্যবাদৰ অগ্ৰ- গতিত এটা বাধা আহি পৰিহে। উন্নতিৰ বাটত বুলিবলৈ হলে, সম্পত্তি নিৰাপত্তাৰ এনেবিলাক ব্যবস্থা আঁতৰাই, ৰাষ্ট্ৰীয় ক্ষমতাৰে ন্যায় আৰু সাম্যৰ দ্বাৰাই সামাজিক সম্বন্ধ স্থাপন কৰিবলৈ জনসাধাৰণক অধিকাৰ দিব লাগিব। সামাজিক উন্নতিৰ হকে যদি এনে সম্পত্তি চৰকাৰে বজেয়াপ্ত