পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৪)

কৰিব লগা হয় তেন্তে ওপৰোক্ত ৰাষ্ট্ৰীয় ক্ষমতাৰ লগতে, সংস্থাপন সাহায্য দি সেই সম্পত্তি বাজেয়াপ্ত কৰাৰ ক্ষমতাও দিয়া হব।

এহাতে যেনেকৈ কেইজনমান মানুহৰ সম্পত্তিৰ ওপৰত থকা অধিকাৰটো সকলো বিপদ-বিধিনিৰ পৰা ৰক্ষিত হৈ আছে আনহাতে তেনেকৈ জনসাধাৰণৰ স্বাধীনতা-স্বত্ব চাৰিওফালে হেঙাৰ দি সংকীৰ্ণ কৰি পেলোৱা হৈছে ৷

বৰ্ত্তমানৰ সংবিধানে জনতাৰ আশা-আকাঙ্খা পূৰ্ণকৰাৰ পথত ডাঙৰ বাধা দিছে । সম্পত্তিৰ অধিকাৰৰ যি স্বত্ব স্বীকাৰ কৰা হৈছে সি সমতাৰ ভিত্তিত সমাজ-স্থাপন অসম্ভৱ কৰি তুলিছে । সামাজিক প্ৰগতি সাধিবলৈ হ'লে সম্পত্তি-অধিকাৰৰ এই স্বত্ব খর্ব্ব কৰিব লাগিব আৰু সমতা আৰু ন্যায়ৰ ভিত্তিত নতুন সমাজ ব্যৱহাৰ কৰিবলৈ জনতাৰ হাতত ক্ষমতা লগিব । সমাজৰ স্বাৰ্থৰ হকে দৰ্কাৰ হ'লেই ব্যক্তিগত সম্পত্তি ৰাষ্ট্ৰৰ হাতলৈ আনিব লাগিব; তেতিয়া কোনো ক্ষতিপূৰণৰ কথা নাথাকিব ।

এমুঠি প্রতিপত্তিশালী আৰু ধনী মানুহৰ ব্যক্তিগত সম্পত্তিৰ অধিকাৰ ৰক্ষা কৰিবলৈ এইখন সংবিধানে ৰক্ষাকৱচৰ ব্যবস্থা কৰিছে, কিন্তু আনহাতে জনসাধাৰণৰ স্বচন্দতা হ'লে, কেউ- পিনৰ পৰা সীমাবদ্ধ কৰা হৈছে । জনতাৰ স্বাধীনতাৰ ঘাই বিষয়বোৰত—যেনে, কথাকোৱাৰ স্বাধীনতা, প্ৰেছৰ স্বাধীনতা, অনুষ্ঠান আৰু সংগঠন কৰাৰ স্বাধীনতা আদিৰ