পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫২)

জীবিকাৰ স্বাধীনতা দি তেওঁলোকৰ পুনসংস্থাপনৰ কাৰ্য্যত সহায় কৰিব । সমবায় প্রথাৰে, মাটি আবাদীকৰণ আঁচনিৰ সহায়ত আৰু চনপৰি থকা মাটিত, ভগনীয়া খেতিয়কসকলক সংস্থাপন কৰা হব । মধ্যবিত্ত আৰু কাৰিকৰী সকলক ডাঙৰ-ডাঙৰ নগৰ আৰু মহানগৰীৰ চৌপাশে “ফৰিদাবাদ ক’লনিৰ” দৰে সমবায় ক'লনি স্থাপন কৰি বহুওৱা হব । এনে ধৰণৰ সৰু সৰু ক'লনি (পাম ) গাওঁ অঞ্চলতো আৰম্ভ কৰা হব। বিশেষকৈ উন্নতিশীল গাওঁবিলাকত ই প্রাধান্য লাভ কৰিব । সামাজিক জীৱনৰ ধৰণ-কৰণ বিলাকত আঘাত নপৰিবৰ কাৰণে পাকিস্থানৰ একেটা অঞ্চলৰ পৰা অহা পৰিয়ালবিলাক ওচৰা-ওচৰিকৈ বহুওৱাবৰ বাবে সাধ্যানু সাৰে চেষ্টা কৰা হব। এই নতুন কলনিবিলাকত শোষণকাৰী নাইবা ঘৰ ভাৰা দিয়া মানুহ থাকিব নোৱাৰিব । তেওঁ- লোকৰ মাজত শ্ৰমক্ষমতা, কাৰ্য্যদক্ষতা আৰু শিল্পবিদ্যাৰ বিকাশৰ অৰ্থে চৰকাৰে সহায় কৰিব আৰু তাৰ যোগেদি ভগনীয়াসকলৰ নৈৰাশ্যৰ ভাৱ আঁতৰাই নতুন বিশ্বাস আৰু আশাৰ ৰেঙনি দিব ভগনীয়াসকলক পুনৰসংস্থাপনৰ ক্ষতিপুৰণ দিয়াৰ লগে লগে ভগনীয়াসকলে এৰি অহা সা-সম্পত্তিৰ বিষয়ে পাকিস্থানৰ লগত এটা চিৰস্থায়ী বন্দবস্তৰ চেষ্টা কৰা হব । দুয়োখন দেশতে এটা যুটীয়া আয়োগৰ দ্বাৰা এই বিষয়ে সকলো তদন্ত কৰাৰ দিহা কৰিলে সমস্যা- সমাধানৰ সহায় হব ।