পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৭)

অনুন্নত আৰু উন্নত শ্ৰেণীৰ মাজত থকা শিক্ষা-সংস্কৃতিৰ ব্যৱধানটো দূৰ কৰাত সহায় কৰিব। লগে লগে সাতাম- পুৰুষীয়া বৃত্তিৰ গণ্ডীত সোমাই থাকিব লগা অৱস্থাও নাইকিয়া হব ।

চৰকাৰী কামত লোকসংখ্যা অনুপাতে জনজাতীয় আৰু অনুসূচিত জাতিৰ কাৰণে আচুতীয়াকৈ ঠাই ৰখা হব । কোনো এক নির্দিষ্ট অংশত বাস কৰ৷ জনজাতীয় লোক- সকলক স্বায়ত্ব শাসনৰ সুবিধা দিয়া হব আৰু তেওঁলোকৰ নিজ নিজ জাতীয় জীৱনৰ লগত খাপখোৱা গণতান্ত্রিক জীৱন-যাত্ৰাৰ ৰূপ দিবলৈ যত্ন কৰা হব।

সমবায়ৰ ভেটিত গাওঁ; পঞ্চায়ত; ঔদ্যোগিক গঠন আদিৰ দ্বাৰ৷ সমাজখন পূর্ণগঠন কৰিলে মানুহৰ মাজত থকা সামাজিক ব্যৱধান খিনি কমি আহিব । এনেবোৰ সংগঠনে তেওঁলোকৰ মাজত থক৷ প্রতিভাশালী আৰু ধীশক্তি সম্পন্ন লোকসকলক উলিয়াই আনি উন্নতিৰ সুবিধা দিব। প্ৰতিভা- শালীজনে চৰকাৰৰ সহানুভূতি লাভ কৰিব আৰু যোগ্যতা আৰু শিক্ষা অনুসৰি উন্নতিৰ বাটত আগবঢ়াৰ সুবিধা পাব । চৰকাৰৰ তৰফৰ পৰ৷ অর্থনৈতিক উন্নয়নৰ আৰু সামাজিক নিৰাপত্তাৰ ব্যৱস্থা কৰি আৰু গাওঁ পঞ্চায়ত, বহুৱা সংগঠন, সমবায় অনুষ্ঠান আদিয়ে সমাজিক জীৱনৰ ৰূপ দি সমাজক নতুনকৈ জীৱন দিব। তেতিয়া বৰ্ণবিভেদ বা জাতিভেদৰ কোনো সুবিধাই বা প্রয়োজনেই নাথাকিব । ক্রমবৰ্দ্ধমান