পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৬)

সামাজিক প্রবাহ

জাত-কূলৰ ব্যৱস্থ৷ই ভাৰতীয় সমাজখন বিভিন্ন স্তৰত ভগালে। ফলত এবিধ মানুহে বংশানুক্রমে সুবিধা ভোগ কৰি আহিছে আৰু আনহাতে কিছুমানে চিৰদিন অসুবিধাৰ মাজত কাল কটাইছে নতুবা বংশানুক্রমে পীড়িত হৈ আহিছে । স্বাধীনতা বুলিলে এই বাধাবিলাক থাকিব নালাগিব আৰু প্ৰতি- ভাশালীজনে আত্মপ্ৰকাশৰ সুবিধা পাব লাগিব।

ছ'চিয়েলিষ্ট পার্টিয়ে সামাজিক বিবৰ্ত্তন সম্পৰ্কীয় তলত দিয়া আঁচনিখন ৰাইজৰ ওচৰত আগ বঢ়াইছে,—

খেতিৰ উপযোগী পতিত মাটি আৰু খেতিৰ উপযোগী কৰি তোলা ভূমি অঞ্চল অনুসূচিত আৰু জনজাতীয় লোক সকললৈ বসবাসৰ কাৰণে মুকলি কৰি দিয়া হব। মাটিৰ গিৰিহঁত হিচাপে তেওঁলোকে তেতিয়া নতুন সামাজিক মৰ্য্যদা পাব।

জনজাতীয় অঞ্চলৰ লগত ভাৰতৰ বাকীঅংশৰ সংযোগ ৰাখিবলৈ উপযোগী আৰু যথেষ্ট পৰিমানে সংযোগ আৰু যাতায়তব পথ নিৰ্ম্মান কৰিব লাগিব । এনে কৰিলে জনজাতীয় লোকসকলে নির্বিবাদে চলা-ফিৰা কৰিব পাৰিব। অনুসূচিত আৰু জনজাতীয় লোকসকলক শিক্ষাৰ সমল যোগাব পৰাকৈ কম পক্ষেও এশকোটী টকাৰ দহ বছৰীয়া আঁচনি এখনৰ নিতান্তই আৱশ্যক । এনে এখন আঁচনিয়ে