পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৮)

আৰু বিকশিত সমাজ এখনত সকলো প্ৰকাৰৰ ঠেক আৰু আচুতীয়া ভাব লোপ পাব।

সমাজবাদী সমাজত ব্যক্তিগত মৰ্য্যাদা বা সামাজিক মূল্য ধন সম্পত্তি আৰু বংশৰ ওপৰত প্ৰতিস্থিত নহব। সমাজ- বাদী পূৰ্ণগঠনৰ পিচত সমাজে নতুন ৰূপ আৰু আদৰ্শ লব। যি কাম কৰে সিয়েই মৰ্য্যদাৰ অধিকাৰী হব। এলেহুৱা বা নিস্কৰ্মা হোৱাতো অপৰাধৰ কথা হব। পূৰ্ব্বপুৰুষৰ তেজৰ সম্বন্ধ থকা বুলি নাইবা ধন থকা বুলি কোনো মানুহকে বিচাৰ নকৰি তেওঁলোকে কৰা কাম আৰু যোগ্যতাৰ ওপৰতহে মূল্য দিয়া হব।

নাৰী

সামাজিক পূৰ্ণগঠন কৰি সমাজৰ সকলো শ্ৰেণীৰ মানুহকে বিকাশৰ সুবিধা দিয়াৰ ক্ষেত্ৰত নাৰীসমাজে সন্মুখীন হোৱা সামাজিক আৰু অৰ্থনৈতিক বাধাবোৰ আঁতৰাব লাগিব পুৰণি ৰীতি-নীতি আৰু ব্যৱস্থাবিলাকে নাৰীক সমাজত পৰাধীন আৰু নিকৃষ্ট অৱস্থালৈ নমাই আনিলে। ব্যৱস্থাৰ অন্ত কৰি স্বাধীন আৰু সমতাৰ মৰ্য্যাদা নাৰীক দিব লাগিব।

ঘৰৰ ভিতৰত আৰু বাহিৰত নাৰীসকলে কৰা কামৰ অৰ্থনৈতিক মূল্য স্বীকাৰ কৰি নললে অৰ্থনৈতিক সমতাৰ কোনো আঁচনিয়েই সম্পূৰ্ণ নহয়। জাতীয় সম্পদলৈ গৃহিণী সকলৰ একো অৰ্থনৈতিক দান নাই বোল৷ অসঙ্গত ধাৰণা- বোৰৰ বিৰোধীতা কৰা হব। উপাৰ্জ্জন কৰোঁতা হিচাবে