পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৪)


তেওঁলোকক দিয়া ছালিয়ানাৰ ধন ৰাষ্ট্ৰৰ ভঁৰাললৈ যাব! ৰাজপ্ৰমুখ উপৰাজপ্ৰমুখৰ পদ উঠাই দিয়া হব। তেওঁ লোকৰ যি ব্যক্তিগত সম্পত্তি তাক সৰ্ব্বসাধাৰণ নাগৰিকৰ সম্পত্তিৰ দৰেই ৰাষ্ট্ৰৰ অইনব অধীনলৈ আহিব।

বিনা ক্ষতিপূৰণে সকলো প্ৰকাৰৰ জমিদাৰী উচ্ছেদ কৰি মাটি বিতৰণ কৰি দিয়াৰ পাচত উত্তৰাধিকাৰী সূত্ৰে জমি- দাৰে পোৱা সুবিধা অন্ত পৰিৰ আৰু গাৱঁলীয়া অঞ্চলত আৰ্থিক অসমতা দূৰ হ'ব।

কেপিটেল লেভি

আৰ্থিক অসমতা দূৰ কৰিবলৈ হ'লে দুই প্ৰকাৰে পাৰি—
(১) আয়কৰ, চুপাৰটেক্স, অত্যাধিক লাভৰ ওপৰত বহুৱা কৰ, কেপিটেল গেইনচ্ টেক্স, মৃত্যুকৰ আদি বহুৱাই ভাৰ দ্বাৰা উপাৰ্জ্জনৰ অসমতা দূৰ কৰিব পাৰি। (২) তাকৰীয়া উপাৰ্জ্জনৰ লোকৰ আৰ্থিক আৰু সামাজিক উন্নতিৰ কাৰণে ৰাষ্ট্ৰই অধিক টকা সমাজৰ-হিতকৰ কামত খৰছ কৰি সেই অসমতা দূৰ কৰিব পাৰি।

ছ'চিয়েফ্টি পাৰ্টিয়ে এই দুই বিধ উপায়কে অৱলম্বন কৰিব। যাতে এজনৰ আয় এশ টকাৰ কম নহয় আৰু এহেজাৰ টকাৰ বেচি নহয়। এই নিৰিখত আৰম্ভ হৈ ক্ৰমান্নয়ে দেশৰ সম্পদ বঢ়াৰ লগে লগে নিৰিথ বাঢ়ি গৈ থাকিব— তলৰ আৰু ওপৰৰ নিৰিখ দুইটাই। কিন্তু সৰ্ব্বোচ আয় সৰ্ব্বনিম্ন আয়ৰ দহ গুণৰ বেচি হ'ব নোৱাৰিব।