পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৫)


ওপৰক্ত ব্যৱস্থাৰ দ্বাৰা আয়ৰ ক্ষেত্ৰতহে অসমতা দূৰ কৰা হ’ব। কিন্তু এইখিনি কৰাৰ পিচতো উত্তৰাধিকাৰীসূত্ৰে পোৱ৷ অৰু বহুত প্ৰকাৰৰ সম্পত্তি ৰৈ যাব। আৰু বহুতে মূলধনৰ ওপৰতে খাই থাকিব। এনে ক্ষেত্ৰত পৰিশ্ৰম নকৰাকৈয়ে উপাৰ্জ্জন খাই থাকিবৰ সুবিধা। ( যেনে:— কোম্পানীৰ অংশৰ পৰা হোৱা উপাৰ্জ্জন বা বিৰাট আট্টা- লিকা ভাৰালৈ দি কৰা উপাৰ্জ্জন ইত্যাদি)

ছ'চিয়েলিষ্ট পাৰ্টিয়ে এনে অন্যায় ব্যৱস্থা দূৰ কৰিব৷ সেই উদ্দেশ্যে “কেপিটেল লেভি” অৰ্থাৎ মূলধনৰ ওপৰত কৰ বহুৱাব। এনে কৰ বহুৱাৰ পাচত বাকী যিখিনি আৰ্থিক সমতা থাকিব তাক দূৰ কৰা হ'ব। এই কৰ তলত দিয়া নিৰিখত বহুৱা হ’ব :-

পাঁচলাখ টকাৰ মূল্যৰ সম্পত্তিলৈকে কোনে৷ কৰ বহুৱা নহয়,
  ওপৰৰ সম্পত্তিৰ ২০% কৰ বহুৱা হ'ব
পাঁচলাখৰ পৰা ১৫ লাখৰ ”  ৫০%   
তাৰ ওপৰৰ ৭৫ লাখলৈকে ” ৮০%   
এককোটীৰ ওপৰৰ  ৯০%   

এইদৰে যেতিয়া সৰ্ব্বোচ সম্পত্তি কমাই দিয়া যাব তেতিয়া সামাজিক ব্যৱস্থাই নতুন ৰূপ ল’ব। তেতিয়া সমাজত প্ৰগতিৰ বাট মুকলি হ’ব আৰু দুৰ্নীতি আৰু অসমতাৰে পূৰ্ণ অৰ্থনীতিৰ অন্ত পৰিব।