পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৩)


আৰ্থিক-সমতা

ভাৰতৰ নিচিনা এখন দুখীয়া দেশত, মায়ুহৰ সংখ্যা আৰু শ্ৰমশক্তিৰ অভাব নাই। উৎপাদন বঢ়াবলৈ হ'লে ৰাইজৰ আন্তৰিক সহযোগ হ'লেহে হ'ব। এই ক্ষেত্ৰত সম্পদৰ সৃষ্টি কৰাত বেচি সহায় কৰিব শ্ৰমশক্তিয়েহে।

শ শ বছৰ জুৰি ভাৰতৰ আৰ্থিক প্ৰগতিয়ে বাধাগ্ৰস্ত হৈ থকা অৱস্থাত ভাৰতত বিশেষ সুবিধা ভোগী শ্ৰেণীৰ সৃষ্ট হ’ল, আৰু আৰ্থিক বৈষম্য বেচি হৈ পৰিল। ভাবে ফল স্বৰূপে এহাতে যেনেকৈ এমুঠি ধনীয়ে লাহ-বিলাহত জীৱণ কটাবলৈ অবিধা পালে, আন হাতে লাখ লাখ জনতাই দুৰ্ভিক্ষ-দাৰিদ্ৰৰ কৰাল গ্ৰাসত পৰিলগৈ।

কংগ্ৰেছ চৰকাৰৰ ৰাজত্বত এই বৈষম্যই আৰু বিষম ৰূপ ধাৰণ কৰিলে।

ৰজা-মহাৰজাসকলৰ উত্তৰাধিকাৰীসূত্ৰে পোৱা সুবিধা কিছুদূৰ হ্ৰাস কৰা হ'ল। কিন্তু তেওঁলোকক লাখ লাখ টকাৰ “ছালিয়ানা” দিয়া হ'ল; তেওঁলোকৰ ব্যক্তিগত ঐশ্বৰ্য্য বিভূতি আগৰ দৰেই ৰ'ল; তদুপৰি নতুন অৱস্থাত ৰাজপ্ৰমুখ আৰু ‘উপৰাজপ্ৰমুখ’ সকলে সেই আগৰ ৰাজভোগকে পালে। ছ'চিয়েলিষ্ট পাৰ্টিয়ে- ৰজামহাৰজা সকলক এনে উত্তৰাধিকাৰ স্বত্ব নিদিয়ে। এনে স্বত্ব দিয়াটো ভাৰতীয় গণতান্ত্ৰিক সমাজৰ পৰিপন্থী। ভাৰতীয় সমাজত ৰজা-মহাৰজাই কোনো বিশেষ সুবিধা পাব নোৱাৰে; সাধাৰণ নাগৰিক হিচাবেহে থাকিব লাগিব৷