পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৯)

বাণিজ্য-শিক্ষাৰ ব্যৱস্থাৰ সুবিধা দি আৰু বস্তুৰ গুদাম ঘৰ আদিৰ যোগান দি ৰাষ্ট্ৰই বাণিজ্য ক্ষেত্ৰত সহায় কৰিব। দেশীয় বাণিজ্যৰ ক্ষেত্ৰত, ৰাষ্ট্ৰীয়কৰণ কৰা শিল্পবোৰত যিবোৰ সামগ্ৰী দৰ্কাৰ হ’ব সেই সকলোবোৰ ষ্টেট ট্ৰেডিং অনুষ্ঠানৰ যোগেদি অনা হ’ব। তদুপৰি ৰাষ্ট্ৰীয়কৰণ কৰা শিল্পৰ উৎ- পাদন বিলাকো ষ্টেট ট্ৰেডিঙৰ দ্বাৰাহে ভাগ বতোৱাৰা কৰা হ'ব।

বহুমুখী সমবায় অনুষ্ঠানৰ যোগে গাৱঁত লাগতিয়াল বস্তু- বিলাক বিক্ৰী কৰা হ'ব। গাৱঁৰ লাগতিয়াল সামগ্ৰীবিলাকো তেনে সমবায়ৰ যোগেই আমদানি কৰা হ’ব। বাণিজ্য- ক্ষেত্ৰৰ বাদ-বাকী অংশ ব্যক্তিগত কাৰবাৰীৰ হাতত থাকিব।

কিনোতাৰ মাত

হয়তো এইখিনিতে প্ৰশ্ন হ’ব পাৰে যে ইমানবিলাক ক্ষমতা ৰাষ্ট্ৰৰ হাতত দিয়াতো উচিত হ'ব জানো; ঘাইকৈ যেতিয়া দেখা যায় যে বৰ্ত্তমান সময়ত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত পৰি ৰাইজৰ বিলাই বিপত্তিৰ সীমা নাইকীয়া হৈছে। এনে ধৰণৰ প্ৰশ্ন হোৱাটো স্বাভাৱিক। তাৰ উত্তৰে৷ অৱশ্যে সহজ। আমাৰ এই আঁচনিত নিয়ন্ত্ৰণৰ যি ব্যৱস্থা দাঙি ধৰা হৈছে সি বৰ্ত্তমান চলিত নিয়ন্ত্ৰণ প্ৰয়াৰ পৰা সম্পূৰ্ণ বেলেগ।

বৰ্ত্তমানত যি নিয়ন্ত্ৰণ চলিছে সি আংশিক নিয়ন্ত্ৰণহে আৰু সেইবাবেই সি অকৃতকাৰ্য্য হৈছে। এতিয়া হৈছে। এয়েই যে অফিচাৰ সকলৰ গাত সকলো ক্ষমতা আৰোপ কৰা