পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৮)

অনাটনৰ সৃষ্টি হৈছে। অতি আৱশ্যকীয় বস্তুবোৰ পঠিয়া তৈছে বিদেশলৈ ৰপ্তানি কৰি আৰু লাহ-বিলাহৰ নানাবিধ সামগ্ৰী বিদেশৰ পৰা আমদানি কৰা হৈছে, যিহৰ পৰা বৰ বৰ বেপাৰীৰ লাভৰ মোনা শকত হৈছে। আমদানি-ৰপ্তানিৰ এই নীতি সলনি হ'ব লাগিব। ৰাষ্ট্ৰীয়কৰণ কৰ৷ শিল্পৰ বাবে দৰ্কাৰী সকলোবোৰ যন্ত্ৰ-পাতি আৰু কেঁচামাল ৰাষ্ট্ৰইহে আমদানি কৰিব। সেইদৰে সেই- বোৰ শিল্পৰ পৰা উৎপাদন হোৱা সকলো বস্তুকে ৰাষ্ট্ৰইহে ৰপ্তানি কৰিব। যিবোৰ বস্তু সাধাৰণতে পাবলৈ নাই আৰু যিবিলাক কেঁচামাল বিভিন্ন শিল্পক লাগে সেইবোৰো ৰাষ্ট্ৰ- ইহে আমদানি কৰিব আৰু বিভিন্ন শিল্পব মাজত ভগাই দিব। মৰাপাট আৰু কপাহৰ নিচিনা কেঁচামালৰ ৰপ্তানি একমাত্ৰ ৰাষ্ট্ৰইহে কৰিব পাৰিব। বিদেশী মূলধন আনিবলৈ হ'লেও ৰাষ্ট্ৰইহে পাৰিব৷

এইবিলাক কাম কৰিবলৈ এখন “ষ্টেট ট্ৰেডিং কৰ্‌পৰেশ্যন থাকিব। সেই কৰ্‌পৰেশ্যনে স্বাধীন ভাৱে কাম চলাব মাত্ৰ তাৰ ওপৰত ৰাষ্ট্ৰৰ সাধাৰন নিয়ন্ত্ৰণ থাকিব। কোনো বস্তুৰ কিমান আমদানি-ৰপ্তানি হ’ব তাক ঠিক কৰিব এই কৰ্‌পৰেশ্যনে।

ওপৰুক্ত বিষয়ৰ বাহিৰে অইন ক্ষেত্ৰৰ বৈদেশিক বানিজ্য ব্যক্তিগত কাৰবাৰীৰ হাতত থাকিব; যদিও ৰাষ্ট্ৰই সাধাৰণ ভাৱে সেইবোৰ নিয়ন্ত্ৰণ কৰিব।