পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪০)

হৈছে অথচ তেওঁলোকক দায়িত্ব দিয়া হোৱা নাই । দুর্নীতি আৰু ভেঁটিখোৱা অপৰাধত উচিত শাস্তি দিবলৈ দাৱস্থা হোৱা নাই ৷ আনহাতে, যি সকলে বস্তু বেহানি কিনি খায় তেওঁলোকক কোনো ক্ষেত্রতে নিয়ন্ত্রণ সম্পর্কে মাত মাতি বা পৰামৰ্শ দিবৰ সুবিধা দিয়া হোৱা নাই ।

আমি যি নিয়ন্ত্ৰণৰ ব্যৱস্থা দিছোঁ সি আংশিক ব্যৱস্থা নহয়, পূৰ্ণ ব্যৱস্থা ৷ এই ব্যৱস্থাত কেঁচামালৰে পৰা আৰম্ভ কৰি উৎপাদনক্ষেত্ৰৰ লাগতিয়াল যন্ত্র পাতিলৈকে আৰু সিফালে কিনোতাই বস্তু হাতত পোৱালৈকে নিয়ন্ত্ৰণ হ'ব। এই নিয়ন্ত্রণৰ প্রত্যেক স্তৰতে গণতান্ত্রিক নিয়ন্ত্রণ থাকিব। উৎপাদন আৰু বিতৰণৰ প্ৰত্যেক স্তৰতে উৎপাদনকাৰী আৰু কিনি-খাওঁতা সকলৰ পৰামৰ্শ লোৱা হ'ব।

ৰাষ্ট্ৰীয়কৰণ কৰা শিল্পক্ষেত্ৰত পৰিচালক-কৰ্‌পৰেশ্যনত কিনোতা- সকলে পৰামৰ্শদাতা বা প্রতিনিধি হিচাপে থাকিব। বস্তুৰ বিতৰণ হ’ব ষ্টেট ট্রেডিং কৰ্‌পৰেশ্যনৰ যোগে ; আৰু তাতো কিনোতাসকলে দিহা-পৰামৰ্শ দিব পাৰিব। কিনে৷তাই নো কি বিচাৰে তাৰ দ্বাৰা নিৰ্ণয় কৰিব পৰ৷ হ'ব৷ গাৱঁলীয়া অঞ্চলত পাইকাৰী বেপাৰ বহুমুখী সমবায় অনুষ্ঠানৰ হাতত থাকিব ।

ব্যক্তিগত ভাৱে চলোৱা কাৰবাৰত য'ত অকৰ্মণ্যতাৰে চলোৱা দেখা যায় সেই কাৰবাৰ ৰাষ্ট্ৰই নিজৰ হাতলৈ আনিব অধিকাৰ থাকিব ।