পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪

প্ৰত্যেক মাটি গিৰিয়েই খেতি কৰিব, যেতিয়৷ মাটিহীন বহুৱাই ন্যায়বিচাৰ পাব আৰু-থকা মেলাৰ ঘৰ পাব, তেতিয়৷ গাৱঁৰ ভিতৰত পৰস্পৰৰ ভিতৰত নতুন সম্বন্ধ স্থাপন হ'ব আৰু এক নতুন জীৱন আৰম্ভ হ'ব । গাওঁ পঞ্চায়তক কেন্দ্ৰ কৰি প্ৰশাসনীয় ব্যৱস্থাত যি পৰিবৰ্ত্তন হ'ব সেই পৰিবৰ্ত্তনে খেতিয়ক আৰু শাসনকৰ্ত্তাৰ মাজত থকা দূৰত্বৰ ব্যৱধান অন্ত পেলাব এই পৰিবৰ্ত্তনৰ পাচত যিখন সমাজ হ’ব তাত প্রত্যেক ব্যক্তিৰ সমান মৰ্য্যদা, সমান অধিকাৰ থাকিব আৰু সকলো স্বাধীন হ’ব, তেতিয়া সকলোৱে আনন্দমনেৰে উন্নত গাওঁ নিৰ্ম্মানত আগবাঢ়িব । নতুন প্ৰেৰণাৰ যোগে ৰাইজৰ মাজলৈ আত্মবিশ্বাস ঘূৰি আহিব আৰু ৰাইজে আত্মপ্রতিষ্ঠা কৰিব ।

বন-সম্পদ

জাতীয় উন্নতিৰ ক্ষেত্ৰত দেশৰ হাবি-জঙ্ঘলৰ বিশেষ মূল আছে ৷ এইবিলাকে মূল্যবান কাঠ-বাঁহ আৰু আন বস্তু যোগোৱাৰ উপৰিও গৰাখহনীয়াত বাধা দিয়ে আৰু বৰষুণত সহায় কৰে । যোৱ৷ যুদ্ধৰ সময়ত এই জঙ্ঘলবোৰৰ বিস্তৰ ক্ষতি কৰ৷ হ’ল ৷ এতিয়া সেই নীতি পৰিবৰ্ত্তন কৰিব লাগিব । উন্নয়ন পৰিকল্পনাৰ ভিতৰত জঙ্ঘল-ৰক্ষাই আগ ভাগ পাব।

তদুপৰি বৰ্ত্তমানৰ যিবোৰ জঙ্ঘলী আইন আছে সেইবোৰ জঙ্ঘলী অঞ্চলত থক৷ গাওঁবোৰৰ বাবে অশেষ অসুবিধাজনক। ফৰেক্ট ডিপাৰ্টমেণ্টেই সেইবোৰ অঞ্চলত সৰ্ব্বেসৰ্ব্বা হৈ আছে।