পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৫)

তাত বনুৱাৰ হাজিৰা নিচেই সামান্য। মহাজন সকলে সেইবোৰ ঠাইৰ মানুহৰ ওপৰত অবাধে শোষণ কৰিবলৈ সুবিধা পায় ৷ গতিকে এই অঞ্চলৰ অৱস্থা ভাল কৰিবলৈ হ'লে জঙ্ঘলী আইনো বদলাব লাগিব আৰু জঙ্ঘলী অঞ্চলৰ গাওঁবোৰক জঙ্ঘলৰ সম্পদৰ উপভোগৰ বিশেষ সুবিধা দিব লাগিব ।' সেই গাৱঁৰ ৰাইজৰ সহযোগত সেই অঞ্চলত আদর্শ-গাওঁ পাতিব লাগিব ।

অসমৰ সমগ্ৰ জঙ্ঘল অঞ্চল ৰাষ্ট্ৰৰ সম্পত্তি হ’ব। এতিয়া যিবোৰ অঞ্চল কোনোবা ব্যক্তিগত মালিকৰ হাতত আছে সেইবোৰ ৰাষ্ট্ৰৰ হাতলৈ অনা হ’ব ।

উদ্যোগৰ-উন্নয়ন

কৃষি ক্ষেত্ৰৰ উন্নতি কৰাৰ লগে লগে দেশত শিল্পজাত দ্ৰব্যৰ চাহিদাও বহুত গুণে বাঢ়িব । বৰ্ত্তমান অৱস্থাত শিল্পদ্রব্য যিমান তৈয়াৰ হৈছে তাৰে আজিৰ অৱস্থাতে নোজোৰে । বৰ্ত্তমান অৱস্থাত শিল্প-দ্রব্যৰ উৎপাদন অলপো বঢ়া নাই । বৰ বৰ শিল্পপতিসকলে এনে হোৱাৰ বাবে নানান অজুহাত দেখুৱাই আহিছে । প্রথম ছোৱাত কলে যে চৰকাৰে শিল্পবোৰ ৰাষ্ট্ৰীয়কৰণ কৰিম বুলি ভয় খুওৱাত তাৰ বিষফল স্বৰূপেই শিল্পৰ উৎপাদন কমি আহিল । এই বুলি ক'লত চৰকাৰে যেতিয়া ৰাষ্ট্ৰীয়কৰণৰ কথা তল পেলালে তেতিয়া শিল্পপতিয়ে আকৌ উলিয়ালে যে উৎপাদন বাঢ়িব পৰা নাই বহুৱাৰ দোষতহে। কিন্তু পিচত যেতিয়া