পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩

শস্য অনানিয়া কৰা নদী-নিয়ন্ত্ৰণ আৰু বানপানী নিয়ন্ত্ৰণ ইউনিয়ন আদিৰ ব্যৱস্থা কৰা আদি কামৰ তত্বাৱধান লব মাটি-আয়োগে (Union Land Commission)। কৃষি-দ্ৰব্যৰ আমদানি-ৰপ্তানি কিমান হ'ব তাক এই আয়োগে বান্ধি দিব। এই আয়োগে কুষি-সজুঁলি যি লাগে তাক আমদানি কৰিব আৰু কৃষি-দ্ৰব্যৰ দাম নিয়ন্ত্ৰণ কৰিব।

আদৰ্শ কৃষি-পাম

চৰকাৰী খৰছত আদৰ্শ কৃষি-পাম চলোৱা হ'ব৷ এই পামবিলাক সৰুসুৰা গৱেষণা কেন্দ্ৰৰ নিচিনা হ'ব আৰু তাতে কৃষিৰ নতুন নতুন প্ৰণালী আদিৰ প্ৰদৰ্শনী হ'ব। এনেকুৱা কৃষি-পামৰ লগতে কিছু ঠাইত কৃষি-স্কুলো পতা হ’ব। ইয়াৰ উপৰিও এই পামবোৰত ৰাইজক ডাক্তৰী সাহায্য দিব পৰণৰ ব্যৱস্থাও থাকিব। এই কেন্দ্ৰবোৰত চলন্ত ডাক্তৰখানা থাকিব, যাতে তাৰ চাৰিওকাষৰ গাওঁবোৰত ডাক্তৰী সাহায্য যোগাব পাৰি৷ এইদৰে আদৰ্শ কৃষিপামে সকলো কথাতে খেতিয়ক সকলক সহায় কৰিব, নেতৃত্ব যোগাব আৰু অনুপ্ৰেৰণা দিব। য'ত সুবিধা হয় ত'ত এনে পামৰ পৰা ভাল পানী আৰু বিজুলী শক্তিৰ যোগানো ধৰা হ'ব।

নতুন গাওঁ

যেতিয়া খেতিৰ মাটি খেতিয়কৰ মাজভ ভগাই দিয়া হ'ব, যেতিয়া প্ৰত্যেক খেতিয়কেই মাটিৰ গিৰিহঁত হ’ব আৰু