পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯

হাতত লৈছে। ইফালে এই ডিপাৰ্টমেণ্টবোৰৰ মাজত সহযোগিতা নাই৷ ফলত খেতিয়কৰ সমস্যা সমাধান হওক ছাৰি খেতিয়কক আৰু বিপদতহে পেলাইছে। আনহাতে, দেশৰ প্ৰশাসনীয় যন্ত্ৰ প্ৰকৃতপক্ষে গণশন্ত্ৰিক পদ্ধতি চলাবলৈ হ'লে সেই যন্ত্ৰৰ লগত খেতিয়কৰ সম্পৰ্ক ওচৰ হ’ব লাগিব। সেই উদ্দেশ্যে চাৰিখলপীয়া ৰাষ্ট্ৰৰ ভিত্তিত খেতিবিষয়ক প্ৰশাসনীয় ব্যৱস্থা নতুনকৈ পাতিব লাগিব। ‘ৰাষ্ট্ৰৰ অধিকাৰী সাধাৰণ ৰাইজ’, এই নীতিৰ ওপৰত ভিত্তি কৰি চাৰিখলপীয়া ৰাষ্ট্ৰ প্ৰতিষ্ঠিত হ’ব। এই ব্যৱস্থাত সাৰ্ব্বভৌম ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ’ব; আৰু সমাজৰ প্ৰত্যেক অঙ্গই ৰাষ্ট্ৰপৰিচালনাত অংশ পাব। নতুন ব্যৱস্থাত গাওঁ-পঞ্চায়তেই হ’ব ঘাই; তাকে কেন্দ্ৰ কৰি গোটেই ব্যৱস্থা চলিব। পঞ্চায়তৰ ওপৰত প্ৰশাসনীয় ব্যৱহাৰ আৰু তিনিখাপ থাকিব — আঞ্চলিক (যেনেকৈ একোখন জিলা) ৰাজ্যিক আৰু ইউনিয়নৰ।

গাওঁ পঞ্চায়ত

একোখন গাৱঁত বা কেবাখনো গাৱঁৰ ভিতৰত এখনকৈ পঞ্চায়ত থাকিব। এই পঞ্চায়ত গাৱঁৰ ৰাইজে বয়স্ক ভোটাধি কাৰৰ ভিত্তিত বাছি লব।

গাওঁ পঞ্চায়তে গাৱঁৰ যি সম্পদ আহে তাৰ লেখ ল'ব গাৱঁৰ উৎপাদিকা শক্তি নিৰ্দ্ধাৰণ কৰিব। গাৱঁত কোন বিধ শস্যৰ কিমান খেতি কৰিলে ভাল হ'ব তাৰ