পেলোৱা। ক'ত কি শস্য কিমান পৰিমাণে উৎপন্ন কৰিব লাগিব সেইটো নিৰ্দ্ধাৰিত হলে যাৰেই য'তে যিমান ইচ্ছা ৰা যি কোনো খেভি লগাব পৰাৰ অধিকাৰ খৰ্ব্ব হব। সুপৰিকল্পনাৰে বস্তু কিনা-বেচাৰ ব্যৱস্থা সংগঠন কৰিব লাগিব যাতে কোনেও নিজ ইচ্ছামতে যেই সেই বস্তু বেচিব নোৱাৰে৷ এই বাধ্য-বাধকতাবোৰৰ ফলত কৃষকৰ একো হানি নহয়—এইবোৰে কৃষকৰ বৰ্ত্তমান দুখ-দুৰ্গতি দূৰ কৰাতহে সহায় কৰিব; কিয়নো মালিকানা স্বত্ত্ব সম্পৰ্কে নতুন ধাৰণা অহাৰ লগে লগে কৃষকৰ প্ৰতি সমাজৰ দায়িত্ববোধো সম্পূৰ্ণৰূপে জন্মিব। ইয়াৰ পিচত আৰু কৃষকে সমাজৰ মাজতে থাকিও অকলশৰীয়া বুলি অনুভব কৰিব লগীয়া নহব। বৰ্ত্তমান আইনৰ তলত সকলো ক্ষেত্ৰতে অবাধ, অধিকাৰ থকা বাবে যিবোৰ সুবিধা কৃষকে পায় বুলি ধৰা হয় আচলতে কৃষকে সেইবোৰৰ এটাও পোৱা নাই। এই সুবিধাৰ ঠাইত কৃষকে তেতিয়৷ প্ৰকৃত সুযোগ-সুবিধাৰ ফল পাব।
প্ৰশাসনীয় ক্ষেত্ৰত ব্যৱস্থা
নতুন অৱস্থাত ছৰকাৰৰ ওপৰত যিবিলাক নতুন দায়িত্ব পৰিব সেইবোৰ সুচাৰুৰূপে পালন কৰিবলৈ হ'লে প্ৰশাসনীয় ব্যৱস্থাও সম্পূৰ্ণৰূপে বদলাব লাগিব। বৰ্ত্তমান অৱস্থাত খেতিবিষয়ক সংস্থাবোৰৰ সমাধানৰ বাবে বিভিন্ন মন্ত্ৰীৰ তলত থকা সুকীয়া সুকীয়া ডিপাৰ্টমেণ্টে সুকীয়া সুকীয়াকৈ কাম