পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটা হিচাপ কৰি সেইমতে এখন আঁচনি তৈয়াৰ কৰিব আৰু সেই আঁচনিখন পৰিকল্পনা আয়োগলৈ (Planning Commission) পঠিয়াব। পঞ্চায়ত আৰু আয়োগৰ ভিতৰত আলোচনা কৰ আঁচনিখন গ্ৰহণ কৰা হ'ব। তাৰ পিচত সেই আঁচনিমতে উৎপাদন যাতে হয় তাৰ বাবে পঞ্চায়তে নজৰ ৰাখিব। খেতিৰ সজুঁলি আৰু আন আন যি সুবিধা দৰ্কাৰ হ’ব, গাওঁপঞ্চায়তে সেইবিলাক মাটি-আয়োগৰ (Land Commission পৰা পাব। উৎপাদনৰ যি নিৰিখ বান্ধি দিয়া হয় তাতকৈ বেচি যি উৎপাদন কৰিব তেওঁক গাওঁ পঞ্চায়তৰ পৰ৷ উপযুক্ত পুৰস্কাৰ দিয়া হ'ব। গাওঁ- পঞ্চায়তেই চৰকাৰী খাজনা আদি তুলিব। মাটি-আয়োগে ধাৰ্য্য কৰি দিয়ানতে যি ধান-চাউল গাৱঁৰ পৰা যোগান দিব লগা হ’ব তাকো পঞ্চায়তেই সংগ্ৰহ কৰিব। গাৱঁৰ ব্যক্তিগত খেতিয়কৰ লগত পোনপটীয়া সম্বন্ধ থাকিব অকল গাৱঁৰ লগত গাৱঁৰ বাহিৰ সকলো সম্পৰ্ক একমাত্ৰ গাওঁ পঞ্চায়তেহে ৰক্ষা কৰিব।

গাওঁখনৰ সম্পৰ্কত সকলো বিষয়তে পঞ্চায়তেই গাৱঁৰ প্ৰতিনিধিত্ব কৰিব। গাৱঁলীয়া ৰাইজৰ উন্নতিকল্পে লোৱা চৰকাৰৰ সকলো আঁচনি এই পঞ্চায়তৰ যোগেদিয়েই কাৰ্য্য- কৰী কৰা হ'ব আৰু গাৱঁৰ বিভিন্ন কাৰ্য্যৱলীৰ বিষয়ে চৰকাৰক জনাওঁতেও একমাত্ৰ পঞ্চায়তেহে জনাৱ। গাৱঁৰ অঞ্চল