এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৯
চোৰ কোন?
ফুকন।—বাৰু, সকলো কথা নালাগে, এটা মাত্ৰ কথা
সোধোঁ,—আপুনি তালৈ যাওঁতে প্ৰতিমা আপোনাৰ লগত
আছিল নে?
মাধৱ।—নাই।
ফুকন।—ঘটনাস্থলত আপুনি তেওঁক দেখা পোৱা নাছিল নে?
মাধৱ।—পানীৰ পৰা উঠি আহোঁতে এবাৰ পাৰত
দেখিছিলোঁ, কিন্তু সৰহ পৰ তেওঁ তাত থকা নাছিল।
ফুকনে তেতিয়া চোৰ খেদা মানুহ চাইটা এটা এটাকৈ আনি
কেইটামান প্ৰশ্ন সুধিলে আৰু সকলোৰে পৰা একে উত্তৰকে
পালে। যেনেঃ—
প্ৰশ্ন।— তোমালোকে খেদিবৰ সময়ত চোৰটো দেখিছিলা নে?
উত্তৰ।—আমি আমাৰ আগে আগে এটা মানুহ লৰি
যোৱা দেখিছিলোঁ।
প্ৰশ্ন।—মানুহটো তোমালোকতকৈ কিমান আগত আছিল?
উত্তৰ ।—( ডেৰ ফাৰ্লংমান আঁতৰত থকা গছ এজোপা
দেখুৱাই) ইয়াৰ পৰা সেই গছজোপাৰ সমান আঁতৰত।
প্ৰশ্ন।—মানুহটো কোন চিনি পাইছিলা নে?
উত্তৰ।—নাই পোৱা।
প্ৰশ্ন। —সেইটোৰ বাহিৰে আৰু কোনোবা মানুহ তোমা-
লোকৰ আগত দেখিছিলা নে?