পৰিলোঁ। মানুহটোৱে আত্মহত্যা কৰিব খুজিছে বুলিয়েই
মোৰ ধাৰণা জন্মিছিল আৰু তাক ৰক্ষা কৰাৰ উদ্দেশ্যে হে
পানীত নামিছিলোঁ। যেতিয়া সি বেগেৰে সাঁতৰি পলাবলৈ
যত্ন কৰা দেখিলোঁ, তেতিয়াহে মোৰ মনত খেলালে যে সি
মৰিবলৈ পানীত পৰা নাই, কিবা এটা অপৰাধ কৰি পলাই
সাৰিবলৈহে পানীত আশ্ৰয় লৈছে। কিছু দূৰ যোৱাৰ পাচত
যেতিয়া মই তাক ধৰা পেলালোঁ, তেতিয়া ও সি এৰাবৰ চেষ্টা
কৰিছিল। কিন্তু যেতিয়া আন মানুহ চাইটা আহি পালে
তেতিয়া সি আত্মসমৰ্পণ কৰিলে। মই তাক পাৰলৈ তুলি
আনিলোঁ। পাৰ পায়েই সি মোক চোৰ বুলি গবা মাৰি
ধৰিলে। তেতিয়াহে মই বুজিব পাৰিলোঁ যে সি কাৰবাৰ
ঘৰত চুৰ কৰি পলাই আহিছে। ইয়াৰ পাচতে দাৰোগা-
চিপাহী গৈ হাজিৰ। দাৰোগাই সেই মানুহটোৰ কথা
শুনিয়েই মোক চোৰ বুলি সাব্যস্ত কৰিলে, আৰু অতি অভদ্ৰ-
ভাবে মোৰ কিবা ক’বলৈ আছে নে সুধিলে। তেওঁৰ মতি,
গতি দেখি মই একো সমিধান নিদিলোঁ। তেতিয়াই
দাৰোগাই মোক হাত-কেৰেয়া দি থানালৈ লৈ আহিল।
মই নীৰৱে সকলো সহ্য কৰি থাকিলোঁ। আন কি, মোৰ
কাপোৰখনো বিচৰা নহ'ল।
ফুকন।—আপুনি ইমান পুৱাতে তালৈ গৈছিল কিয়?
মাধৱ।—ক্ষমা কৰিব, সেইটো এটা গোপনীয় কথা, মই
ক'বলৈ অক্ষম।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৬৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৮
আবিষ্কাৰ