পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৭
চোৰ কোন?


 ফুকন।—টকাৰ মোনা পাইছে?
 চব।—নাই পোৱা।
 ফুকন।—তেন্তে হাতে হাতে ধৰিলে কেনেকৈ?
 চব।—মোনাটো প্ৰতিমা বোলা বেশ্যা এজনীক দিছে।
 ফুকন।—কেনেকৈ জানিলে?
 চব। —ৰঘুবীৰে কৈছে। এতিয়া তাইক আনিলে আৰু তাইৰ ঘৰ খানাতালাচ কৰিলেই সকলো কথা ওলাই পৰিব।
 ফুকন।—একো কৰিব নালাগে আপুনি। এই গোচৰৰ তদন্ত মই নিজে কৰিম। আপুনি যিখিনি প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি চোৰ ধৰিছে সি কোনো প্ৰমাণেই নহয়। আপুনি মাথোন নিজক অপদাৰ্থ বুলি চিনাকি দিছে।
 এই দৰে কৈ ইন্সপেক্টৰে মাধৱক আনিবলৈ ক'লে। মাধৱ আহিলত তেওঁ নিজৰ ঘৰৰ পৰা এসাজ কাপোৰ অনাই সলাবলৈ দিলে। মাধৱে কাপোৰ সলালে আৰু ইন্সপেক্টৰৰ নিৰ্দে্দশমতে এখন চকীত বহিল। ফুকনে তেতিয়া ৰায় চাহাবৰ বাহিৰে আন সকলোকে ওলাই যাবলৈ কৈ মাধৱক সুধিলে,- “আচল ঘটনাটো কি?”
 মাধৱ।—কথাটো এই :—মই এটা বিশেষ কাৰণত ৰাতি নৌ পুৱাওঁতেই শুক্লেশ্বৰ-ঘাটৰ ফালে গৈছিলোঁ। মই সেই- খিনি পাওঁতে পানীৰ দাঁতিত এটা মানুহ দেখি ময়ো তাৰ গালৈকে আগ বাঢ়ি গলোঁ। এনেতে সি পানীত জাঁপ মাৰি পৰিল। ময়ো ওচৰত থকা শিলটোতে কাপোৰখন থৈ পানীত