দিলে। তাৰ পাচত কথা পতাৰ লগে লগে মুখ ধুবলৈ লাগিল
আৰু ৰায় চাহাবকো, মুখ ধুবলৈ দিলে।
মুখ ধুই, চাই খাই দুয়ো থনালৈ আগ বাঢ়িল। আহোঁতে
বাটত ফুকনে ক'লে,-“আপুনি চিন্তা নকৰিব। আপোনাৰ
মানুহে চোৰ খেদিছেই, আকৌ আমাৰো চিপাহী-দাৰোগা
গৈছে। চোৰ ধৰা নপৰাকৈ নাথাকে।”
থানা পায়েই তেওঁলোকে শুনিলে-চোৰ ধৰা পৰিছে।
তেওঁলোকৰ মনত ৰং লাগিল। কিন্তু চব ইন্সপেক্টৰৰ পৰা।
যেতিয়া চোৰৰ পৰিচয় পালে, তেওঁলোকৰ বিস্ময়ৰ সীমা
নাথাকিল।
ইন্সপেক্টৰে চব ইন্সপেক্টৰৰ পৰা আদ্যোপান্ত বিবৰণ শুনি
নাক কোঁচালে। তাৰ পাচত সুধিলে,-“আপুনি মাধৱৰ
জবানবন্দী লৈছিল নে?”
চব ইন্স্।-তেওঁ কোনো কথাৰ উত্তৰ নিদিয়ে।
ফুকন।– যি ঠাইৰ পৰা চোৰ পানীত পৰিছিল, সেই
ঠাইডোখৰ চাইছিল নে?
চব,।-নাই চোৱা।
ফুকন -ৰায় চাহাৰৰ ঘৰলৈ গৈছিল?
চব। নাই যোৱ॥
ফুকন।-তেন্তে আপুনি অনুসন্ধান কৰিলে কিটো?
চব।—হাতে হাতে চোৰ ধৰা পৰিছে, তাত আৰু আন
কি প্ৰমাণ লাগিছে?
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৬৪
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬
আবিষ্কাৰ