পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
আবিষ্কাৰ


'এই জুপুৰীত সোমাই মোৰ ভৰি পিটিকি দিবলৈকো কুণ্ঠিত নহয়, তেতিয়া মোৰ হৃদয় গৰ্ব্বত স্ফীত হৈ উঠে।
 হায়! যদি মোৰ এজন চৰিত্ৰবান পুৰুষ অভিভাৱক থাকিলহেতেন, যদি মোক সজ পথ দেখুৱাই দিবলৈ কোনোবা আগ বাঢ়িলহেতেন, যদি সজ মনোবৃত্তিৰ উন্মেষক পাৰিপাৰ্শ্বিক অৱস্থাৰ মাজত থাকিবৰ সুযোগ ঘটিলহেঁতেন, তেনেইলে আজি মোৰ জীৱন এনে কলুষিত নহলহেঁতেন।
 আজি আপোনাৰ প্ৰভাৱত পৰি মই নতুন বাট দেখিছোঁ, নতুন আলোক চকুত পৰিছে, মোৰ সেই পুতিগন্ধময় অতীত জীৱনলৈ আজি ঘৃণা জন্মিছে! আজি মই জীৱনৰ নতুন ৰূপ দেখা পাইছোঁ। ইমানতে অতীতৰ সমাধি হোৱা হ'লে—কিন্তু হায়! অতীতৰ চেকা যে মোৰ গাৰ পৰা নাযায়,যাব নোৱাৰে।
 দেৱতা! গুৰু! ঈশ্বৰ! আপুনি যে পাপীয়সীক বৰ লম কৈ দেখা দিলে। মাহচেৰেকৰ আগতে যদি মোৰ জীৱন-নৌকাৰ গুৰিয়াল-স্বৰূপে আপোনাক পালোঁহেতেন, তনেহ'লে অতীত পাপৰ ঘৃণিত পৰিণামৰ পৰা মুক্ত হ'ব পাৰিলোঁহেতেন। এতিয়া আৰু উপায় নাই। মই এতিয়া যমান পবিত্ৰ ভাবেই নকটাওঁ, অতীতৰ পাপে মোৰ পিচ নৰে! মুঠতে লোক-সমাজত মোৰ ঠাই নাই।
 নৰিয়া-পাটীত পৰি ভাবিছিলোঁ। মৃত্যুৱে মোক ৰক্ষা কৰিব, কিন্তু মোৰ আশা পূৰ্ণ নহ'ল। পাপৰ বোজা লৈ দুৰ্বিষহ