দেহৰ ভাৰ বহন কৰিবলৈ মই জীয়াই থাকিলোঁ; মৰিও
মৰিব নোৱাৰিলোঁ। উস্! কথা যে নোলায়! তথাপিও।
ক’বই লাগিব, নৰিয়াৰ দুমাহমান আগৰে পৰা মই অন্তঃসত্ত্বা।
মই সদায় এই কথা আপোনাক কওঁ কওঁ বুলিও মুখ ফুটাই
কবলৈ সাহ কৰিব নোৱাৰিলোঁ। এতিয়া প্ৰায় পাঁচ মাহ।
ইমান দিন এই কথা এক প্ৰকাৰ গোপনেই আছিল, কিন্তু আৰু
নাথাকে। সিদিনা মই পঢ়াবলৈ যাওঁতে উকীলৰ মাকে
সুধিলে,-“আইটি? গাত কিবা লেঠা নে কি?”
মই অস্বীকাৰ কৰিলোঁ। কিন্তু দেহত স্পষ্ট সাক্ষী লৈ
অস্বীকাৰ কৰা নিৰৰ্থক, বৰং মিছা কথাত পাপৰ আৰু আগলৈ
পাবলগীয়া লাজৰ জোখো বঢ়ালোঁ মাথোন। তেওঁ যেনিবা
সুধিলেই, আনবিলাকে সোধা নাই যদিও, গম নোপোৱাকৈ
থকা নাই। আপুনিও বোধকৰোঁ শুনিছে, আৰু শুনি মোৰ
ওপৰত বিতুষ্ট হৈছে। যোৱা দুদিন আপুনি মোৰ কোনো
খবৰ নোলোৱাৰ কাৰণো সম্ভব সেয়ে।
মোৰ অতীত জীৱনত ই যিমান মাৰাত্মক হ'লহেতেন,
বৰ্ত্তমান জীৱনত তাতকৈ সহস্ৰ গুণে সাংঘাতিক হ’ব! মই যে
এতিয়া লাজতে লৰা-ছোৱালী পঢ়াবলৈ সাহ কৰিব নোৱৰা
হৈছোঁ। মানুহৰ আগত নাক উলিয়াওঁ কেনেকৈ? এটা
উপায়েৰে নাক ৰাখিব পাৰি, কিন্তু অতি নীচ কাম।
মানুহে মোৰ লগত আপোনাৰ সম্পৰ্ক আছে বুলি ভাবে, সেই
কাৰণে আপুনি বা মই নিজে অস্বীকাৰ নকৰিলে সকলোৱে
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৫৫
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৭
চিঠিৰ টোপোলা