পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
আবিষ্কাৰ


তেতিয়াই ভিতৰৰ পৰা আঢ়ৈকুৰি ৰূপ আনি মোক্কেলৰ হাতত অৰ্পণ কৰিলে। সিও টকাকেইটা লৈ উকীলৰ অদ্ভুত আচ- ৰণত আচৰিত হৈ গুচি গ'ল।
 ইয়াৰ পিচৰটো এটা ডাঙৰ ধৰণৰ ফৌজদাৰী। ইয়াৰ সম্পৰ্কতো প্ৰথম মোকৰ্দ্দমাৰেই পুনৰাভিনয় হ’ল। মাধৱে এইবাৰেই ওকালতি নকৰোঁ বুলি শপত খালে। বোধ কৰোঁ তেওঁ ভালেই কৰিলে। মিছা কবলৈ যাৰ সাহ নাই, অন্যায় দেখি নিৰ্ব্বিকাৰ চিত্তে চাই থাকিবলৈ যাৰ মনোবল নাই, তেনে মানুহ অন্ততঃ আমাৰ দেশত ওকালতি ব্যৱসায়ৰ নিমিত্তে উপযুক্ত নহয়।
 পিতাকৰ উইলমতে মাধৱে নগদ টকা চাৰি হেজাৰ, গুৱাহাটী নগৰৰ ঘৰ-বাৰী আৰু গাৱঁৰ ৰুপিত মাটি কিছুমান পাইছিল। এতিয়া সেই টকাৰ আধাৰে চাউল-দাইল, লোণ- তেল আদিৰ এখন দোকান পাতিলে। কাৰ্য্য়কাৰকৰ ভিতৰত হ’ল মথুৰানাথ নামে এজন মেনেজাৰ আৰু দুজন বিক্ৰীদাৰ। সকলোবোৰ বস্তুৰ দাম লিখা এখন ফলি তেওঁৰ দোকানৰ আগত আঁৰি থোৱা হ'ল। বজাৰ-দৰৰ কম-বেচ হ’লে ফলিতো সাল-সলনি কৰা হয়। খুচুৰা বিক্ৰীৰ মাল গ্ৰাহকে ইচ্ছা। কৰিলে নিজে জুখি চাবলৈ বাহিৰতো ডগা-পাল্লা ৰখা হ’ল। অলপ দিনৰ মূৰতে তেওঁৰ দোকান জনাজাত হৈ পৰিল আৰু বিক্ৰীও দিনে দিনে বাঢ়ি আহিবলৈ ধৰিলে। তেওঁ য'ত যি বস্তু সুবিধাজনক দৰত পায় তাৰ সম্ভেদ লৈ দুই এটাকৈ