বস্তুৰ চালান আনিবলৈ ধৰিলে আৰু সৰু দোকানবোৰক মাল
যোগাবলৈ ধৰিলে। ব্যৱসায়ত সাধুতা থাকিলে তাত উন্নতি
নোহোৱাকৈ নাথাকে। মাধৱৰ ব্যৱসায়ে দিনে দিনে ডাঙৰ
হবলৈ ধৰিলে, কৰ্ম্মচাৰীৰ সংখ্যাও বঢ়াব লগাত পৰিল। তেওঁ
সিমান পাৰে কম লাভত বস্তু বেচে, তথাপিও এতিয়া কৰ্ম্ম-
চাৰীৰ দৰমহা আৰু ঘৰৰ ভাড়া দিও তেওঁৰ মাহে ডেৰ শ দুশ
টকা লাভ থাকে।
মাধৱ কেতিয়াবা কেতিয়াবাহে দোকানলৈ যায় আৰু
হিচাব-কিতাপ পৰীক্ষা কৰে। মথুৰাৰ ওপৰত তেওঁৰ পূৰা
বিশ্বাস আছিল।
এতিয়া মাধৱৰ কামৰ ভিতৰত নগৰৰ সকলো খবৰ ৰখা,
দুখীয়া-ৰুগীয়া, পতিতা আদিক অৱস্থা অনুযায়ী সাহায্য কৰা,
অস্পৃশ্যসকলৰ স্বভাৱ পৰিবৰ্ত্তনৰ নিমিত্তে যথাসম্ভৱ কামত
তৎপৰ হোৱা। এইবোৰ কাম কৰি আজৰি পোৱা সময়ত
তেওঁ কেতিয়াবা কিতাপ পঢ়ে, কেতিয়াবা ছবি আঁকে,
কেতিয়াবা প্ৰৱন্ধ নাইবা চিঠি লিখে আৰু কেতিয়াবা এইবোৰ
বিষয়কে লৈ বন্ধু-বান্ধৱৰ লগত আলোচনা কৰে। কেতিয়াবা
আকৌ কোৰ মাৰি বাৰীত শাক-পাচলিৰ খেতি কৰে।
আগ ডোখৰত যাদৱে নানা উপদেশ দি মাধৱলৈ ঘনাই
চিঠি লিখিছিল, কিন্তু মাধৱৰ গঢ়-গতি দেখি আজিকালি চিঠি-
পত্ৰ প্ৰায় নিলিখাই হ’ল। দেউতাক স্বৰ্গী হোৱাৰ পিচৰ
পৰাই মাকে যাদৱৰ লগতে থাকে।
২
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৫
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭
মাধৱৰ পৰিচয়