পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৪
আবিষ্কাৰ


সামাজিক সম্পৰ্ক নথকা সাহচৰ্য্যই মানুহক কিছুমান কেলেঙ্কাৰী উদ্ভাবন কৰিবলৈ সুযোগ দিব। সেই কাৰণেই এই বিয়াৰ প্ৰস্তাব। নতুবা বিয়াৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাই।”
 কিছুপৰ মৌন হৈ থাকি যাদৱে ক'লে,-“তোক বুজাবলৈ যোৱাটো বিড়ম্বনা। ঢেৰুৱা-ঠাৰি যিমান সিজালেও নিসিজে। সেই কাৰণে তোৰ যি ইচ্ছা কৰ তাকে। কিন্তু আমাক নুসুধিবি আৰু যদি বিয়া পাত আমাক নামাতিবি। মাতিলেও যাব নোৱাৰিম।”
 মাধৱ। তোমালোকৰ আপত্তি থাকিলে মই বিয়া নকৰাবও পাৰোঁ।
 যাদৱ। তাৰ পৰা লাভ একো নহয়। তই বিয়া নকৰালেও লগ নেৰ বুলি কৈছই, তাতকৈ বিয়া কৰাই লগ লোৱাই ভাল।
 যাদৱৰ কথা শুনি মাকো মনে মনে থাকিল। মাধৱে যথালাভ বুলি ককায়েকৰ সিদ্ধান্তকে গ্ৰহণ কৰিবলৈ স্থিৰ কৰিলে।
 পিচ দিনা ককায়েকহঁতৰ পৰা বিদায় লৈ মাধৱ গুৱাহাটীলৈ উলটিল।