এজন মানুহে এবছৰত এখন বনুৱা গাৱঁত ইমানবোৰ সংস্কাৰ
সাধন কৰিব পৰা দেখি তেওঁলোকে বিস্ময় মানিছিল আৰু
হাবিৰামক পুনঃ পুনঃ ধন্যবাদ দিছিল।
হাবিৰামে কৈছিল,—“মই নিমিত্ত মাত্ৰ, আচল কাম হৈছে
ভুঞা ডাঙৰীয়াৰ পৰা। তেখেত আহি দিহা লগাই দি নোযোৱা
হ’লে এই কাম মোৰ দ্বাৰা কেতিয়াও নহ'লহেতেন। তেখেত
মোৰ গুৰু। শিষ্যই কিবা ডাঙৰ কাম কৰিলেও প্ৰকৃততে সি
গুৰুৰ প্ৰভাৱতহে হয়।”
উৎসৱ শেষ হ’ল। হাবিৰামৰ ভবিষ্যৎ কৰ্ম্মপদ্ধতি সম্পৰ্কে
বিশদ আলোচনা কৰি ৰাইজৰ জয়ধ্বনি আৰু আশীৰ্ব্বাদৰ মাজত
মাধৱ পুৱতী নিশা নগৰলৈ উলটিল।
পিচদিনা মাধৱ ডিব্ৰুগড়তে থাকিল। মাক আৰু ককায়েকৰ
লগত কথা পাতোঁতে কথা-প্ৰসঙ্গত মাধৱৰ বিয়াৰ কথাও
ওলাল। মাধৱে মালবিকাক বিয়া কৰোৱাৰ ইচ্ছা প্ৰকাশ
কৰিলে। কথাটো শুনি যাদৱে নাক কোঁচাই ক'লে,-“মই
দেখিছো তোক তেজপুৰৰ পগলা ফাটেকত থোৱাই হে যুগুত।”
মাকে ক'লে-“ইমানবোৰ ভাল ভাল ছোৱালী যাচি
দিওঁতেও তোৰ সেইজনীহে পছন্দ হ'ল। জাত-কুলৰ ঠিক
নাই, তাতে আকৌ লোকে নিয়া তিৰুতা! তোক কিবা আহুদি
খুৱালে কিচুৱালে হে।”
মাধৱে ক'লে,-“মোৰ কাৰ্য্য়ত মালবিকাই সাহায্য কৰিব
পাৰিব, আৰু মোকো তেওঁৰ সাহায্য লাগিবই। কোনো
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২২১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৩
সংগঠনৰ নমুনা