দ্বাত্ৰিংশ অধ্যায়।
-ঈশ্বৰৰ কৰুণা—
ওপৰত কোৱা ঘটনাৰ প্ৰায় এমাহমানৰ মূৰত মাধৱ আৰু
মালবিকাৰ শুভ পৰিণয় সম্পন্ন হ’ল; দুখনি বুভুক্ষিত হিয়াৰ
অতৃপ্ত আকাঙক্ষাই তৃপ্তি লাভ কৰিলে। অবয়বত দুটি দেখিলেও
তেওঁলোকৰ ভাৱ-চিন্তা, শয়ন-ভোজন, ইচ্ছা-অভিলাষ, ধৰ্ম্ম-
কৰ্ম্ম সকলো একে আছিল। মাধৱে আজি-কালি তেওঁৰ সকলো
কাৰ্য্য়ত মালবিকাৰ সাহায্য বিচাৰে; মালবিকায়ো মাধৱে
যেনেকৈ কৰিলেহেতেন ঠিক তেনেকৈয়ে সকলো কাম সমাধা
কৰে।
বিয়াৰ ছমাহমানৰ পিচত এদিন আবেলি দুয়ো চোতালতে
বহি কথা পাতি আছিল। হঠাৎ মাধৱে ক'লে,-“বুঢ়া লোকে
কয় ঈশ্বৰে যি কৰে ভাললৈকে কৰে। বহুত সময়ত এইটো
সঁচা যেন নালাগিলেও আমাৰ জীৱনত তাৰ সত্যতা পূৰাকৈ
উপলব্ধি কৰিব পাৰিছোঁ।”
মাল। কি বিষয়ত?
মাধৱ। আমাৰ বিয়াৰ কথাকে কৈছোঁ। চোৱাঁ, সদায়
মোৰ ভয় আছিল তুমি মোৰ লগত দুখ পাবা বুলি; কিয়নো
মোৰ দৰে কষ্ট স্বীকাৰ কৰাৰ অভ্যাস তোমাৰ নাছিল। তাৰ
পিচত হ’ল দামোদৰৰ লগত তোমাৰ বিয়া। লগে লগে আমাৰ