পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৮
আবিষ্কাৰ


 মাধৱ। মোৰ কবলৈ একো নাই। মালবিকাক সোধক। মালবিকাই আনন্দেৰে সম্মতি দিলে।
 মাধৱ। কৰ্ত্তব্য সম্পাদনত দুয়ো দুয়োৰে সাহায্য আৰু সাহচৰ্য্য় লাভ কৰিব পাৰিলেই আমাৰ উদ্দেশ্য সিদ্ধি হ'ল- হেতেন। কিন্তু সমাজৰ চকুত আগৰ মালবিকা আৰু এতিয়াৰ মালবিকা সম্পূৰ্ণ বেলেগ। সেই কাৰণে এতিয়া কোনো সম্পৰ্ক নোহোৱাকৈ ঘনিষ্ঠতা ৰাখিলে সমাজে তেওঁৰ প্ৰতি অবিচাৰ কৰিব। সেই দেখিয়েইহে মই বিয়াৰ প্ৰস্তাব কৰিছোঁ। তদুপৰি এই বিয়া হৈ গ'লে সমাজৰ আগত এটা নতুন আদৰ্শ ও দাঙি ধৰা হ'ব।
 মহেশ্বৰ। তোমাৰ সাধু উদ্দেশ্য সফল হওক, এয়ে মোৰ আশীৰ্ব্বাদ।
 তেতিয়া দুখ-বেজাৰত শুকাই থকা তিনিওখন হিয়াত আনন্দৰ ঢৌ উঠিল; আগন্তুক মিলনৰ সোণালী জেউতিত মাধৱ-মালবিকাৰ মুখমণ্ডল উজ্জ্বল হৈ পৰিল।