পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

একত্ৰিংশ অধ্যায়।

–সংগঠনৰ নমুনা–

 মাধৱ গুৱাহাটীলৈ অহাৰ পিচ দিনা হাবিৰামৰ পৰা এখন চিঠি পালে। চিঠিখন মেলি তেওঁ বুজিলে হাবিৰামে তেওঁৰ স্কুলৰ বছেৰেকীয়া উৎসৱ পাতিছে আৰু যিমানেই কাম থাকক, সকলো এৰি যেন মাধৱ উৎসৱত উপস্থিত থাকে তাৰ বাবে বিনীত অনুৰোধ জনাইছে।
 মাধৱে দেখিলে উৎসৱলৈ আৰু চাৰি দিন মাত্ৰ বাকী। সেই কাৰণে তেওঁ পিচ দিনাই ডিব্ৰুগড়লৈ ৰাওনা হল। উৎসৱৰ আগদিনাই তেওঁ ডিব্ৰুগড় পালে আৰু ককায়েকৰ ঘৰতে থাকিল। পিচ দিনা যথাসময়ত উৎসৱত যোগ দিবলৈ গ'ল। এইবাৰ কিন্তু বাটত মটৰ ৰাখিব লগা নহ’ল, এটা আহল-বহল নতুন বাট স্কুলৰ ওচৰলৈকে হৈ উঠিছে।
 গাৱঁৰ শ্ৰী আগতকৈ বহুত পৰিবৰ্ত্তিত হৈছে। গাওঁবুঢ়াৰ ঘৰৰ আগত থকা মুকলি ঠাই ডোখৰতে এটা আহল বহল স্কুল ঘৰ আৰু তাৰ ওচৰতে এটা নিয়মীয়া নাম যৰ সজা হৈছে। সভাৰ আয়োজন এই নাম ঘৰতে। ঠাইৰ অভাৱ পূৰাবলৈ ইয়াৰ দুয়োকাষে চালি দিয়া হৈছে। সভাৰ লগতে ভাওনাৰ দিহা কৰা হৈছে। সভা আৰম্ভ হোৱাৰ আগতে ৰাজহুৱা নাম-
 ১৪