সমললৈ যাওক

পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৭
ভুল সংশোধন


হোৱাত যে বাধা নাই তাকে হে এই বচনে বুজায়। ইচ্ছা নাথাকিলে অবিবাহিত ডেকা-গাভৰুও বিয়াৰ বান্ধোনত নোসোমাব পাৰে। এতিয়া আন কথালৈ নগৈ পোনে পোনে তোমাৰ কিবা আপত্তি আছে নে নাই কোৱাঁ।
 মাল। আপোনাৰ আপত্তি নাথাকিলে মোৰ কোনো আপত্তি থাকিব নোৱাৰে। দেখাত আনৰ লগত বিয়া পাতিলেও অন্তৰেৰে সৈতে মই আপোনাৰ হৈ আগেয়েও আছিলোঁ, এতিয়াও আছোঁ। কিন্তু আপুনি ভাবি চাব সমাজৰ ফালৰ পৰা এই বিবাহত দুটা আপত্তি ওলাব,-এটা অসবৰ্ণ বিবাহ, আনটো বিধবা-বিবাহ। ইয়াৰ পৰা যাতে আপোনাৰ ভবিষ্যৎ অশান্তিজনক নহয়, তালৈ চাই কাম কৰিব।
 নাধৱ। অশান্তি হ’ব কিয়? যদি তুমি মোৰ সহধৰ্ম্মি ণী আৰু সহকৰ্ম্মিণী হৈ সুখী হোৱা তেনেহলেই মই শান্তি পাম। লোকে কি বুলিব অকল তালৈকে চাই কাম কৰা মোৰ অভ্যাস নাই; প্ৰতিমাৰ সম্পৰ্কত বোধ কৰোঁ এই কথা ভালকৈ বুজিব পাৰিছা।
 এনেতে মহেশ্বৰ সোমাই আহিল; মাধৱক ক'লে,-“বোপা, মই তোমালোকৰ কথা-বতৰা শুনিছোঁ। আমাৰ সকলোৰে এটা ভুল হৈ গ'ল। এতিয়া তোমাৰ প্ৰস্তাব কাৰ্য্য়ত পৰিণত কৰাই একমাত্ৰ ভূল-সংশোধনৰ উপায়। পলম কৰাৰ সকাম নাই। ওচৰতে যি শুভ দিন পোৱা যায়, সেই দিনাই শুভ কাৰ্য্য সম্পন্ন কৰা হওক। কি কোৱা?”