পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৪
আবিষ্কাৰ

অহাৰ অলপ আগতে মাধৱে সকলো বাব তেওঁক শোধাই দিছিল। মহেশ্বৰ আচৰিত মানিলে; এনে আকস্মিকভাবে মাধৱ আঁতৰি যোৱাৰ কি কাৰণ হ'ব পাৰে তেওঁ ভাবি নাপালে। তেওঁ উদ্বেগেৰে কিছু সময় কটাই ৰাতিপুৱাই অহাৰ লগে লগে মাধৱক মাতি আনিবলৈ চাকৰ এটা পঠিয়াই দিলে। কিন্তু চাকৰটোৱে ঘূৰি আহি ক'লে—“মাধৱ ঘৰলৈ যোৱাই নাই।”
 মহেশ্বৰ আৰু আচৰিত হ'ল। তেওঁ তেতিয়াই দোকানলৈ খোজ ল'লে আৰু মথুৰাক মাতি মাধৱৰ কথা শুধিলে। মথুৰাই ক'লে,-“মাধৱ ইয়াত নাই।”
 মহেশ্বৰ। ক'লৈ গ'ল।
 মথুৰা। ক'ব নোৱাৰোঁ।
 মহেশ্বৰ। কালি ৰাতি জানো তোমাৰ লগত দেখা কৰা নাছিল?
 মথুৰা। কৰিছিল, কিন্তু ক'লৈ যাব মোক নক'লে। মাত্ৰ আগ দিনাই বান্ধি খোৱা কাপোৰ-কানিৰ টোপোলাটো আৰু চুটকে’চটো লৈ ওলাই গ'ল।
 মহেশ্বৰ। ঘৰ আৰু দোকানৰ বিষয়ে একো কোৱা নাই নে?
 মথুৰা। কালি একো কোৱা নাই, কিন্তু পৰহিয়েই এটা মৌখিক বন্দবস্ত কৰিছিল।
 মহেশ। কি বন্দবস্ত?