পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৫
নিৰুদ্দেশ


 মথুৰা। তেওঁ দোকানখনৰ স্বত্ব মোক এৰি দিছে। তেওঁক প্ৰথমে খটোৱা মূলধন দুহেজাৰ দিলেই হ’ব। ঘৰটো অকল মেৰামতৰ খৰচ আৰু মিউনিচিপেল টেক্স দি মোক থাকিবলৈ কৈছে।
 মহেশ্বৰ। টকা নিছে নে নাই?
 মথুৰা। নাই নিয়া।
 মহেশ্বৰ। কেতিয়া নিব?
 মথুৰা। যেতিয়া তেওঁৰ প্ৰয়োজন হ’ব তেতিয়া। অৱশ্যে গোটেইখিনি একেলগে নিনিয়ে, দুই-এশকৈহে নিব।
 মহেশ্বৰ। তেওঁ আহি নিব নে চিঠি লিখিব?
 মথুৰা। আহিবও পাৰে, চিঠিও লিখিব পাৰে।
 মহেশ্বৰ। তেওঁ ক'লৈ যাব আৰু কিয় যাব নুসুধিলা কিয়?
 মথুৰা। সুধিছিলো, কিন্তু তেওঁ ক'লে বোলে তোমাক নালাগে।
 মহেশ্বৰে বহুত ভাবিও মাধৱৰ এই নিৰুদ্দেশৰ কাৰণ উলিয়াব নোৱাৰিলে। মালবিকাৰ বিয়াৰ লগত তাৰ কিবা সম্বন্ধ আছে বা!
 মহেশ্বৰ প্ৰায়েই দোকানলৈ গৈ মাধৱৰ কিবা বাতৰি পাইছে নে নাই মধুৰাক সোধে, কিন্তু সদায় বিফলমনোৰথ হৈ উলটিব লগাত পৰে।