মাধৱৰ মাত থোকাথুকি। মালবিকাই মাতিব নোৱাৰিলে;
মাত্ৰ দুধাৰ চকুলো বৈ গ'ল।
মাধৱৰো চকুলো ওলাই আহিছিল। তেওঁ “মালবিকা,
আহিলোঁ” বুলি মুখ ঘূৰালে আৰু ততালিকে তাৰপৰা ওলাই
আহিল।
দৰা আহিল। জোৱাঁই-বৰণৰ পৰা আৰম্ভ কৰি আদৰণীৰ
সকলো কাৰ্য্য সমাধা হ’ল। বিয়াৰ কাৰ্য্য় আৰম্ভ হ'ল,
পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰিবলৈ ধৰিলে। কন্যা হোমৰ
গুৰিলৈ অনা হ'ল; অগ্নিয়ে ঘৃতাহুতি গ্ৰহণ কৰি জিভা মেলি
উঠিল; অপৰিচিত দুই নৰ-নাৰীক চিৰজীৱনৰ নিমিত্তে লগ্ন-
গাঁথিৰে লগ লগোৱা হ'ল।
বিয়াৰ অন্তত সকলোৰে আশীৰ্ব্বাদ লৈ দৰা-কন্যা
সমাৰোহেৰে যাত্ৰা কৰিলে। “বৰঘৰ শুৱনী জীয়াৰী ছোৱালী
উলিয়াই দিয়াটো” কেনে হৃদয়-বিদাৰক মহেশ্বৰে তাক আজিহে
গম পালে। এফালে আনন্দ, আনফালে বিষাদ; এফালে
মিলন, আনফালে বিচ্ছেদ; এয়েই সৃষ্টিৰ চিৰন্তন ৰীতি।
তথাপিও মনে মানিব নোখোজে।
সম্প্ৰদানৰ কাৰ্য্যত আবদ্ধ থকাত মহেশ্বৰে বাহিৰৰ কোনো
খবৰ লোৱা নাছিল, কিন্তু, বিদায়ৰ বেলিকা মাধৱক দেখা
নাপাই তেওঁ ক'লৈ গ'ল তাৰ বিচাৰ ল'লে। অনুসন্ধানত
জনা গ’ল, মালবিকাৰ লগত সাক্ষাৎ কৰাৰ পিছৰে পৰা তেওঁৰ
কোনেও দেখা পোৱা নাই। দেবেশ্বৰে কলে যে, বৰযাত্ৰী
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৯১
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৩
নিৰুদ্দেশ
