পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৯
শেষ সাহায্য


কিজানি তেওঁৰ বিষয়ে সকলো কথা আন কাৰবাৰ পৰা জানি লৈ মোৰ ঘৰত ঠাই দিব নোৱাৰোঁ বুলিয়েই কওঁ। সেই কাৰণে যেনে তেনে এবাৰ সোমাই ল'বৰ অভিপ্ৰায় কৰিছে আৰু হয় তো ভাবিছে এবাৰ ঠাই দিলে পিচত তেওঁৰ দুষ্কাৰ্য্য় ৰ কথা জানিলেও খেদাব নোৱাৰিম, অথবা খেদালেও মোৰ গাত দায়িত্ব আৰোপ কৰিবলৈ সুযোগ পাব।”
 যিমানেই ভাবিবলৈ ধৰিলে, মাধৱৰ সন্দেহো সিমানেই দৃঢ় হৈ আহিবলৈ ধৰিলে। শেহত তেওঁ প্ৰতিমাক তেওঁৰ ঘৰত আশ্ৰয় নিদিবলৈকে স্থিৰ সিদ্ধান্ত কৰিলে।
 পিচ দিনা সঁচাকৈয়ে প্ৰতিমা এখন ঘোৰাৰ গাড়ীৰে আহি মাধৱৰ পদূলি-মূৰত উপস্থিত হ'ল। মাধৱ ঘৰতে আছিল; তেওঁ ইচ্ছা কৰিয়েই ষ্টেচনলৈ যোৱা নাছিল। প্ৰতিমাই বয়- ৱস্তুবোৰ নমাব খুজিলত মাধৱে কোনো বস্তু তেওঁৰ ঘৰত নমাব নোৱাৰে বুলি একেবাৰেই খাটাংকৈ কৈ দিলে? প্ৰতিমালৈ চাই মাধৱে ক'লে,-“তুমি মোৰ মতামত নোলোৱাকৈ এনেকৈ গাৰ বলেৰে মোৰ ঘৰত সোমাবলৈ অহাত তোমাৰ কিবা এটা দুৰভিসন্ধি আছে বুলি মোৰ বিশ্বাস জন্মিছে। অকল সেয়েই নহয়, অলপতে কিজানি মই নিজেই এই ঘৰ এৰি যাম। সেই কাৰণেই মই তোমাক মোৰ ঘৰত থাকিবলৈ দিব নোৱাৰোঁ।”
 প্ৰতিমাই চকুলো মচি ক'লে,-“মই তেনেহলে ক’লৈ যাম?”
 মাধৱ। মই কেনেকৈ কম কলৈ যোৱা!