পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৮
আবিষ্কাৰ


চতুৰ্থ দিনা মাধৱে প্ৰতিমাৰ পৰা এখন চিঠি পালে আৰু পায়েই পঢ়িবলৈ ধৰিলে :-
 “শ্ৰীচৰণ কমলেষু,
 বহুত দিন কোনো চিঠি-পত্ৰ লিখা নাই আপোনাক অবাবত আমনি নকৰোঁ বুলি; কিন্তু অজি লিখিবলৈ বাধ্য হ'লোঁ। আপুনি জানে গান্ধী-আৰুইন চুক্তিৰ ফলত কংগ্ৰেচৰ আগৰ উত্তেজনা নাই। তাতে আপোনাৰ তাৰ পৰা অহাৰ অলপ দিনৰ পাচতে আয়েও মোক মাউৰা কৰিলে। এতিয়া আগৰ দৰে কামো নাই, আৰু অকলৈ থকাও কঠিন হৈ পৰিছে। সেইকাৰণে আকৌ আগৰ কামতে লাগিম বুলি স্থিৰ কৰিছোঁ। যদিও মই আপোনাৰ কথা নামানি গুচি আহিছিলোঁ, তথাপি মোৰ সকলো দোষ মাৰ্জ্জনা কৰি আকৌ আপোনাৰ ওচৰত আশ্ৰয় দিব বুলি ভাৰসা ৰাখিলোঁ। মই গুৱাহাটীত ঘৰ ভাড়া কৰি থকা অসম্ভব; সেই কাৰণে আপোনাৰ ঘৰৰে খোটালী এটা দয়া কৰি মোক দিব লাগিব। মই শপত খাই কৈছোঁ, ভবিষ্যতলৈ আৰু কেতিয়াও আপোনাৰ অবাধ্য নহওঁ।
 মই কালিলৈকে সকলো বয়-বস্তুলৈ ৰাওনা হ’ম, আপোনাক ষ্টেচনত লগ পালে পৰম কৃতাৰ্থ মানিম। ইতি।”
 চিঠিখন পঢ়ি আগৰ চিঠিখনৰ সত্যতা-সম্বন্ধে মাধৱৰ সন্দেহ গুচিল। তেওঁ ভাবিলে,-“চিঠিখন দি উত্তৰলৈ অপেক্ষা নকৰাৰ মানে কি? নিশ্চয় প্ৰতিমাই ভাবিছে সময় পালে