পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮০
আবিষ্কাৰ


 প্ৰতিমা। মোৰ হাতত যে টকা-পইচা একো নাই!
 মাধৱে একো নামাতি ভিতৰলৈ সোমাই গ'ল আৰু হাতত এখন এশটকীয়া নোট লৈ ওলাই আহিল। নোটখন প্ৰতিমাৰ হাতত দি ক'লে,-“লোৱাঁ, কিন্তু মনত ৰাখিবা এয়ে মোৰ শেষ সাহায্য।”
 প্ৰতিমাই নোটখন হাতত লৈ কান্দিবলৈ ধৰিলে। মাধৱে ক'লে,-“যোৱাঁ, আৰু মোক আমনি নকৰিবা।”
 “যাওঁ, আপুনি যেতিয়া মোক আশ্ৰয় নিদিলে, যমৰ ঘৰৰ বাহিৰে আৰু মোলৈ ঠাই নাই।”—এই বুলি প্ৰতিমাই মাধৱৰ পদধূলি মূৰত লৈ কান্দি কান্দি গাড়ীত উঠিল? কচোৱানক ক'লে,-“আকৌ ষ্টেচনলৈ।”
 গাড়ী ঘূৰি গ'ল। প্ৰতিমাৰ চকু-লোৱে মাধৱৰ হিয়া কোমলাব নোৱাৰিলে। তেওঁ চৰগ পৰা মানুহৰ দৰে পদূলি মুখতে বহুত বেলি থৰ লাগি থাকিল।