মাধৱৰ মাকে যদিও কথা-বতৰাত যোগ দিয়া নাছিল,
তথাপি সকলো কথা পাটীত পৰি থকাৰ পৰাই শুনি আছিল।
এতিয়া লাহেকৈ ক'লে,-“তই আৰু ইবোৰ-সিবোৰ নকৰিবি
বোপাই! মই বুঢ়ী মানুহ, আৰু নো কেই দিন জীম। তোৰ।
বিয়াখন চাই যাবলৈ নাপালে মনৰ আশা মনতে মাৰ যাব।”
মাধৱে ক'লে,-“মা, যদি তুমি মোক আদেশ দিয়াঁ,
তেন্তে তোমাৰ সন্তোষৰ নিমিত্তে মাথোন মই এই বিয়া কৰাব
লাগিব। তাৰ ফলত বিয়াৰ দিনা তুমি ৰং পাবা, কিন্তু আন
দুটা প্ৰাণীৰ হয়তো জীৱনেই ব্যৰ্থ হৈ যাব। বিবাহৰ আনন্দ
তুমি ভোগ কৰিবা এদিন আৰু তাৰ বিষফল আমি ভোগ
কৰিব লাগিব গোটেই জীৱন। এয়েই তোমাৰ ইচ্ছা নে?”
মাক নিমাত হ’ল। কিছু সময় নীৰৱে থাকি ক'লে,-
“তোৰ সুখ হওক, সন্তোষ হওক ইয়াকে সদায় কামনা কৰিছোঁ
আৰু ঈশ্বৰকো খাটিছোঁ। তোক দুঃখ দি মই আনন্দ কৰিম
নে? কৰ তোৰ যি ইচ্ছা। মই আৰু একো নকওঁ। তোৰ
সুখ-সন্তোষ উভৈনদী হওক,এয়ে মোৰ আশীৰ্ব্বাদ।”
মাকৰ সমিধান পাই মাধৱৰ মুখলৈ পানী আহিল।
যাদৱেও আৰু একো নকলে।
তেতিয়া ৰাতিও ভালেখিনি হৈছিল। কথা-বতৰা সামৰি
সকলোটিয়ে নিজ নিজ শয্যা গ্ৰহণ কৰিলে।
⸻