পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

একবিংশ অধ্যায়।

-বৰুৱা-গাওঁ-

 তৃতীয় দিনা ককায়েকৰ মটৰতে হাবিৰামৰে সৈতে মাধৱ আগতে কৈ অহা বনুৱা-বস্তিলৈ গ'ল। দহ মাইলতে মটৰ ৰাখি তাতে জোতা সোলোকাই থৈ দুয়ো শুদা ভৰিৰে খোজ ল'লে আৰু বোকা-পানী গচকি বৰ কষ্টেৰে নিৰ্দিষ্ট ঠাই। পালে গৈ।
 গাওঁখনত চল্লিশ কি পঞ্চাশ ঘৰমান, মানুহ আছে। প্ৰায় সকলোৱেই বাগিচাৰ পৰা ওলোৱা বনুৱা। সিহঁতৰ বৰণ ক’লা, ক’ৰবাত হে দুই এটা অলপ মিঠাবৰণীয়া মানুহ দেখা যায়। সাজ-পাৰ অসমীয়া গাৱঁলীয়া মানুহেৰে প্ৰায়ে মিলে। থকা ঠাইবোৰ লেতেৰা আৰু ঘৰবোৰ সৰু সৰু। তাৰ মাজতে অৱশ্যে দুই এজনৰ অৱস্থা কিছু ভাল। সেই ঠাইত সিহঁতে বাৰী পতা ডেৰকুৰি বছৰমান হৈছে, বাৰীত কাঠ-বাঁহ, আম- কঠাল, কল-কুঁহিয়াৰ আদি যথেষ্ট আছে। সময়োপযোগী খেতিও কৰে। কিন্তু ৰুপিত মাটি সকলোৰে নাই। কোনোৱে দিন-হাজিৰা কাম কৰে; কোনোৱে অৱস্থাপন্ন অসমীয়াৰ ঘৰত হাল বায়; কোনোৱে লোকৰ মাটি আধি ৰোৱে। যিবিলাকৰ