পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪২
আবিষ্কাৰ


এনে ভাবে কাৰ্য্য় কৰি গ'লে এফালে যেনেকৈ গাওঁ-সংগঠন হব, আনফালে অসমীয়া জাতিৰ জাতীয় শৰীৰটোও পুষ্ট আৰু স্বাস্থ্যবান হৈ উঠিব, এয়ে মোৰ বিশ্বাস।
 হাবি। আপোনাৰ পৰিকল্পনা বৰ ডাঙৰ। আপুনি নিজেই যেতিয়া তাক বাস্তৱত পৰিণত কৰিব পৰা নাই, আমাৰ পক্ষে সি একেবাৰেই অসম্ভব।
 মাধৱ। সেই কাৰণেই কওঁ, ইমান ডাঙৰ আয়োজন, হোৱাৰ যেতিয়া বৰ্ত্তমান সময়ত সম্ভাবনা নাই, গাই-গুটীয়া ভাবে কাৰ্য্য় আৰম্ভ কৰক। আপুনি এখন একেবাৰেই পিচ পৰি থকা অনা-অসমীয়া গাওঁ বাছি লওক, আৰু তাক নিজৰ আদৰ্শমতে গঢ়িবলৈ যত্ন কৰক। যেতিয়া সেই গাৱঁৰ সংগঠন কিছু দূৰ আগ বাঢ়িব আৰু সেই ঠাইৰ কাৰ্য্য পৰিচালনা, কৰিবৰ উপযুক্ত মানুহ তাতে পোৱা যাব, তেতিয়া আপুনি আকৌ আন এখন গাৱঁত কাৰ্য্য় আৰম্ভ কৰিব। এনেকৈয়ে, ক্ৰমশঃ আগ বাঢ়ি গৈ থাকিব। এনেকৈ অকলশৰে বেচি কাম কৰিব নোৱাৰিব 'সঁচা, কিন্তু একেবাৰে নকৰাতকৈ যি. অলপ কৰিব পৰা যায় সেয়ে লাভ। তদুপৰি আপোনাক দেখি আৰু দুই-চাৰিজন কৰ্ম্মী ওলাবও পাৰে।
 হাবি। সেই বিষয়ে মই যে ভবা নাছিলোঁ এনে নহয়। কিন্তু আপোনক আগেয়ে কৈছোঁ, মোৰ বিদ্যা, ধন, বংশ- গৌৰৱ একো নাই। সেইবোৰ মানুহে মোৰ দৰে মানুহৰ কথা মানিব নোখোজ। চৰকাৰী কৰ্ম্মচাৰীয়েই হওক, বা