পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪১
সভ্যতাৰ আবৰ্জ্জনা


লাগিব।' এই সত্ৰৰ তিনটা বিভাগ থাকিব। যেনে :- (১) শিক্ষা-প্ৰচাৰ বিভাগ, (২) ধৰ্ম্ম আৰু নীতি প্ৰচাৰ বিভাগ, (৩) প্ৰাথমিক চিকিৎসা-বিভাগ। উপযুক্ত লোকে এই তিনিও বিভাগত শিক্ষা ল'ব পাৰিব। যি নোৱাৰে, যেই সেই এটা বা দুটাত শিক্ষিত হ'লেও চলিব।
 এই কেন্দ্ৰীয় সত্ৰৰ অধীনত জিলাই জিলাই স্থানীয় সূত্ৰ স্থাপিত হ’ব। তাতো ওপৰত কোৱা প্ৰণালীৰেই শিক্ষা দিব লাগিব। এই স্থানীয় সত্ৰবিলাকৰো নিজাকৈ একোটা পুঁজি থাকিব লাগিব। অৱশ্যে, প্ৰয়োজন অনুযায়ী সেই সত্ৰবিলাকে কেন্দ্ৰীয় সত্ৰৰ পৰা ধন-জন আৰু বুদ্ধি-পৰামৰ্শ পাই থাকিব।
 এনে ভাবে সত্ৰবোৰ প্ৰস্তুত হোৱাৰ লগে লগে কোন কোন ঠাইত প্ৰচাৰ কাৰ্য্য চলোৱাৰ প্ৰয়োজন, প্ৰত্যেক স্থানীয় সত্ৰই অনুসন্ধান কৰি তালিকা প্ৰস্তুত কৰিব আৰু কেন্দ্ৰীয় সত্ৰক জনাব। লগতে কেন্দ্ৰীয় সত্ৰৰ পৰা কি পৰিমাণে সাহায্য লাগে তাৰ হিচাপ দিব। তেতিয়া কেন্দ্ৰীয় সত্ৰই সকলো অৱস্থা বুজি প্ৰয়োজনীয় ধন আৰু জনৰ ব্যৱস্থা কৰিব। প্ৰত্যেক জিলা সত্ৰই তাৰ অধীনত হোৱা প্ৰচাৰ- কাৰ্য্য় পৰিদৰ্শন কৰিবলৈ পৰিদৰ্শক নিযুক্ত কৰিব। কেন্দ্ৰীয় সত্ৰৰ পৰাও মাজে মাজে পৰিদৰ্শক গৈ সকলো চাই-চিতি ৰিপোৰ্ট পঠিয়াব।
 যি ঠাইত প্ৰচাৰ কাৰ্য্য চলোৱা হয়, সেই ঠাইৰ অৱস্থা। আৰু প্ৰয়োজন অনুসৰি প্ৰচাৰকৰ সংখ্যাও কম-বেচি হ'ব।