সমললৈ যাওক

পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
১৪৩
সভ্যতাৰ আবৰ্জ্জনা


আন কোনো ডাঙৰ মানুহেই হওক, অলপ কষ্ট স্বীকাৰ গৈ সিহঁতক বুজাই দিয়া হ'লে কাম কৰিবলৈ চল পাল হেতেন। মই এখন বনুৱা গাওঁ বাছি লৈ কেইবাজনো নে এই বিষয়ে সাহায্য কৰিবলৈ অনুৰোধ কৰিছিলো, কিন্তু ক লৰাব নোৱাৰিলোঁ। তেওঁলোকৰ কোনো জনৰ সময় 1.s, কোনো জন মটৰ গাড়ী নোযোৱা ঠাইলৈ যাব নোৱাৰে। কোনো জনে আকৌ আজি যাম কালি যামকৈ থাকি শেহত যাব নোৱাৰোঁ বুলি কয়। আপুনি যদি সেই গাওঁখনলৈকে গৈ কিবা এটা দিহা লগাই দিয়ে তেন্তে মোৰ বিশ্বাস মই আপোনাৰ উপদেশমতে কাম কৰিবলৈ সমৰ্থ হ'ম।
 মাধৱ। সেই গাওঁখন কত?
 হাবি। বৰ আওহতীয়া গাওঁ, ইয়াৰ পৰা বাৰ মাইল দূৰৈত। তাৰে দহ মাইলমানলৈকে মটৰ চলে। বাকী ডোখৰৰ কৰবাত বোকাপানী, কৰবাত আলিৰ চিনেই নাই। সেই ডোখৰ বাট শুদা ভৰিৰে খোজ কাঢ়ি যোৱাৰ বাহিৰে যাবৰ আন কোনো উপায় নাই।
 মাধৱ। আপুনি কেতিয়াকৈ তাৰ মানুহবিলাকক গোটাব পাৰিব? মই এদিন বা দুদিন থাকিয়েই ইয়াৰ পৰা যাবৰ কথা। বৰ বেচি হ’লে তিন দিন। কালিলৈ নাইবা পৰহিলৈকে সভাৰ আয়োজন কৰিলেহে মই যোগ দিব পাৰিম।
 হাবি। কালিলৈ পতা টান হ’ব। পৰহিলৈকে হওক। কি কয়?